২০২৪-২৫ বৰ্ষৰ পঞ্চায়ত নিৰ্বাচনৰ চূড়ান্ত ভোটাৰ তালিকাত নিজৰ নাম পৰীক্ষা কৰাৰ বাবে ৱেবছাইট মুকলি

ৰাজ্যিক নির্বাচন আয়োগে ২০২৪-২৫ বৰ্ষৰ পঞ্চায়ত নিৰ্বাচনৰ চূড়ান্ত ভোটাৰ তালিকাত ভোটদাতাসকলে নিজৰ নাম পৰীক্ষা কৰাৰ বাবে এটা ৱেবছাইট মুকলি কৰিছে। ermssec.assam.gov.in ৱেবছাইটত গৈ ভোটদাতাসকলে ভোটাৰ তালিকা ডাউনলোড কৰি অথবা ভোটাৰ কাৰ্ডৰ নম্বৰৰ জৰিয়তে নিজৰ নাম পৰীক্ষা কৰিব পাৰিব। জিলা আয়ুক্তৰ কাৰ্যালয়, জিলা পৰিষদ, গাঁও পঞ্চায়ত অথবা খণ্ড উন্নয়ন বিষয়াৰ কার্যালয়লৈ গৈও ভোটদাতাসকলে তালিকাত তেওঁলোকৰ নাম পৰীক্ষা কৰিব পাৰিব। বয়সৰ হিচাপত আজিৰ ভিতৰত ভোট দিয়াৰ বাবে যোগ্য বিবেচিত যুৱক-যুৱতীসকলেও এই ৱেবছাইটৰ জৰিয়তে নির্বাচনী খচৰাত নিজৰ নাম অন্তর্ভুক্তিৰ বাবে আবেদন দাখিল কৰিব পাৰিব।