ভাৰতীয় সেনা বাহিনীৰ সিন্দূৰ অভিযানৰ যোগেদি প্ৰদৰ্শন কৰা সাহসিকতাক বিভিন্ন দলৰ নেতাৰ প্ৰশংসা

ৰাজনৈতিক মতাদর্শ নির্বিশেষে বিভিন্ন দলৰ নেতাই সেনা বাহিনীয়ে সিন্দূৰ অভিযানৰ যোগেদি প্ৰদৰ্শন কৰা সাহসিকতাৰ প্ৰশংসা কৰিছে। তথ্য আৰু সম্প্ৰচাৰ ৰাজ্যমন্ত্ৰী ড০ এল মুৰুগানে এই অভিযানৰ জৰিয়তে ভাৰতীয় সশস্ত্র বাহিনীয়ে সন্ত্ৰাসবাদৰ বিৰুদ্ধে তেওঁলোকৰ নির্ণায়ক কাৰ্যপন্থা গ্ৰহণ কৰিছে বুলি মন্তব্য কৰে। এটা বাৰ্তাত ড০ মুৰুগানে কয় যে প্রধানমন্ত্ৰীৰ নেতৃত্বত সেনা বাহিনীয়ে পেহেলগামত ভাৰতৰ গণতান্ত্রিক ভাৱধাৰাক বিনষ্ট কৰাৰ লক্ষ্যৰে সন্ত্ৰাসবাদীয়ে চলোৱা পাশৱিক আক্ৰমণৰ যোগ্য প্ৰত্যুত্তৰ দিছে। অপাৰেচন সিন্দূৰে এই আক্ৰমণত প্রাণ হেৰুওৱা নিৰীহ লোক আৰু তেওঁলোকৰ পৰিয়ালবৰ্গই ন্যায় লাভ কৰিব বুলি তেওঁ লগতে উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে কয়, যে এই লোকসকলৰ ত্যাগৰ কথা কেতিয়াও পাহৰা নাযায় আৰু তেওঁলোকৰ স্মৃতিয়ে ভাৰতক সদায় সন্ত্ৰাসবাদৰ সমস্যা সমাধানৰ দিশত কাম কৰাৰ বাবে উৎসাহিত কৰি যাব। মহাৰাষ্ট্ৰৰ সকলো ৰাজনৈতিক দলে সিন্দূৰ অভিযানক আদৰণি জনোৱাৰ লগতে এই বিমান আক্রমণ অতি নির্ভুল আৰু সঠিক সিদ্ধান্ত বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰী আৰু সশস্ত্র বাহিনীসমূহক অভিনন্দন জনায়। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী তথা বিজেপিৰ নেতা দেৱেন্দ্ৰ ফাড়নবীজে কয় যে ভাৰতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে চলোৱা যুঁজৰ ক্ষেত্ৰত নিজৰ প্ৰতিশ্ৰুতিবদ্ধতা প্ৰদৰ্শন কৰিছে। উপ মুখ্যমন্ত্রী একনাথ সিন্দে কয় যে অপাৰেচন সিন্দূৰে কেৱল পাকিস্তানক এটা কঠোৰ বাৰ্তা দিয়াই নহয় ইয়াৰ জৰিয়তে এই বৰ্বৰ আক্ৰমণত মৃত্যু হোৱা ২৬ গৰাকী নিৰ্দোষী নাগৰিকৰ পৰিয়ালবৰ্গকো ন্যায় প্ৰদান কৰিব। এন চি পিৰ মুৰব্বী শাৰদ পাৱাৰে কয় যে ভাৰতীয় সশস্ত্র বাহিনীসমূহে সন্ত্ৰাসবাদীৰ ৯টা ঘাটিত সঠিক আৰু পৰিকল্পিতভাৱে চলোৱা আক্ৰমণ আৰু এই আক্ৰমণত কোনো পাকিস্তানী নাগৰিক বা পাকিস্তানী সেনা বাহিনীৰ কোনো ক্ষতি নকৰাকৈ পেহেলগামৰ আক্ৰমণৰ প্ৰতিশোধ লয়। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে হোৱা কথা বতৰাত দেশৰ এই কঠিন সময়ত তেওঁৰ দলৰ সমৰ্থন সদায় চৰকাৰৰ সৈতে আছে বুলি প্ৰকাশ কৰে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত শিৱসেনাৰ নেতা আদিত্য থাকৰে কয়, যে যিকোনো ধৰণৰ সন্ত্ৰাসবাদকে সমুলি নাশ কৰিব লাগে৷

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।