অসম আৰক্ষীৰ বিশেষ কাৰ্য বাহিনীয়ে ধুবুৰীৰ বিলাসীপাৰাৰ লগতে ৰাজস্থান আৰু তেলেংগানাত পৃথকে অভিযান চলাই ভুৱা ছিম কাৰ্ডৰ এটা বৃহৎ চক্ৰ উৎখাত কৰিছে। অভিযানকাৰী দলে ৰাজস্থান, তেলেংগানা আৰু ধুবুৰীৰ পৰা ৭ জন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে আন ১৪ জনক আটক কৰে। গুৱাহাটীৰ উলুবাৰীত থকা অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত আজি অনুষ্ঠিত সংবাদমেলত অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান হৰমিত সিঙে কয়, যে ভুৱা নামত ছিমকার্ড উলিওৱা চক্ৰটোৱে চাইবাৰ অপৰাধ সংঘটিত কৰি আহিছে। হোৱাট্ছএপ খুলিবলৈ প্ৰয়োজন হোৱা অ’টিপি চক্ৰটোৱে পাকিস্তানলৈ প্ৰেৰণ কৰা তথ্য পোৱা গৈছে বুলি আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে ৰাজস্থানৰ পৰা ছাদ্দিক, আৰিফ খান আৰু ছাজিদ নামৰ তিনিজন যুৱকক গ্ৰেপ্তাৰ কৰা হয়। আনহাতে, গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰৰ পৰা ৰাজস্থানৰ অকিক নামৰ লোকজনৰ লগতে নতুন দিল্লী বিমানবন্দৰৰ পৰা ৰাজস্থানৰ আছাদ খানক গ্ৰেপ্তাৰ কৰা হয়। অভিযানকাৰী দলে তেলেংগানৰ পৰা মফিজুল ইছলাম আৰু ধুবুৰীৰ বিলাসীপাৰাৰ পৰা জাকাৰিয়া আহমেদক গ্ৰেপ্তাৰ কৰে। সেনা বাহিনীৰ গজৰাজ মিলিটেৰী চোৰাংচোৱা সূত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত যোৱানিশা এছ টি এফৰ দলে এই অভিযান চলাইছিল। অভিযানৰ সময়ত ৯৪৮ খন ছিম কাৰ্ড আৰু আন কাৰিকৰী সা-সৰঞ্জাম উদ্ধাৰ কৰা হয়। OPERATION GHOST SIM শীর্ষক এই অভিযানত গ্ৰেপ্তাৰ কৰা লোককেইজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।
Site Admin | May 17, 2025 8:59 PM | operation ghost sim police
ধুবুৰীৰ বিলাসীপাৰাৰ লগতে ৰাজস্থান-তেলেংগানাত অসম আৰক্ষীৰ অভিযান, ভুৱা ছিম কাৰ্ডৰ বৃহৎ চক্ৰ উৎখাত