May 17, 2025 8:59 PM
17
ধুবুৰীৰ বিলাসীপাৰাৰ লগতে ৰাজস্থান-তেলেংগানাত অসম আৰক্ষীৰ অভিযান, ভুৱা ছিম কাৰ্ডৰ বৃহৎ চক্ৰ উৎখাত
অসম আৰক্ষীৰ বিশেষ কাৰ্য বাহিনীয়ে ধুবুৰীৰ বিলাসীপাৰাৰ লগতে ৰাজস্থান আৰু তেলেংগানাত পৃথকে অভিযান চলাই ভুৱা ছিম কাৰ্ডৰ এটা বৃহৎ চক্ৰ উৎখাত কৰিছে। অভিযানকাৰী দলে ৰাজস্থান, তেলেংগানা আৰু ধুবুৰীৰ পৰা ৭ জন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে আন ১৪ জনক আটক কৰে। গুৱাহাটীৰ উলুবাৰীত থকা অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত আজি অনুষ্ঠিত সংবাদমেলত অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান হৰমিত সিঙে কয়, যে ভুৱা নামত ছিমকার্ড উলিওৱা চক্ৰটোৱে চাইবাৰ অপৰাধ সংঘটিত কৰি আহিছে। হোৱাট্ছএপ খুলিবলৈ প্ৰয়োজন হোৱা অ’টিপি চক্ৰটোৱে পাকিস্তানলৈ প্ৰেৰণ ক...