বিগত পাঁচ বছৰত অসমত দুহেজাৰ ২৬৫ টা অনলাইন বিত্তীয় প্রবঞ্চনাৰ ঘটনা সংঘটিত হৈছে বুলি বিত্ত মন্ত্ৰ্যালয়ে প্রকাশ কৰিছে। মন্ত্ৰ্যালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে এই ঘটনাসমূহৰ জৰিয়তে প্ৰবঞ্চকে তিনি কোটি ৭৭ লাখ টকা লুটি নিছে। এই বৃহৎ অংকৰ ধনৰ ভিতৰত আৰক্ষী প্ৰশাসনে মাত্র ২৮ লাখ টকাহে উদ্ধাৰ কৰিবলৈ সমৰ্থ হৈছে বুলি মন্ত্ৰ্যালয়ে লগতে প্ৰকাশ কৰে। ২০২০-২১ বিত্তীয় বৰ্ষত অসমত এনেধৰণৰ ৩৭৭ টা ঘটনা সংঘটিত হৈছিল। ২০২১-২২ বৰ্ষত ১৬০ টা, ২০২২-২৩ বৰ্ষত ১৪০ টা আৰু ২০২৩-২৪ বৰ্ষত সর্বাধিক এহেজাৰ ১৪০ টা বিত্তীয় প্রবঞ্চনাৰ ঘটনা সংঘটিত হোৱা বুলি মন্ত্ৰ্যালয়ে প্রকাশ কৰে। ২০২৪-২৫ বিত্তীয় বৰ্ষত ৪৮৮ টা এনে ঘটনা সংঘটিত হৈছে বুলি মন্ত্ৰালয় প্ৰকাশ কৰিছে।
Site Admin | August 26, 2025 12:40 PM | Assam
বিগত ৫ বছৰত অসমত ২,২৬৫ টা অনলাইন বিত্তীয় প্রবঞ্চনাৰ ঘটনা সংঘটিত হৈছে বুলি বিত্ত মন্ত্ৰ্যালয়ৰ প্রকাশ
