September 6, 2024 12:59 PM | Onion retail sale

printer

দিল্লী আৰু মুম্বাইত ৰেহাই মূল্যত পিঁয়াজ বিক্ৰীৰ ব্যৱস্থা কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে পিঁয়াজৰ বৰ্ধিত মূল্যলৈ চাই কালিৰে পৰা ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰ দিল্লী আৰু মুম্বাইত প্রতি কিলোগ্ৰামত ৩৫ টকা মূল্যত পিঁয়াজৰ বিক্ৰী আৰম্ভ কৰিছে। ভ্রাম্যমাণ বাহন আৰু ভাৰতীয় ৰাষ্ট্ৰীয় সমবায় উপভোক্তা সংঘ লিমিটেডৰ খুচুৰা বিক্ৰী কেন্দ্ৰ ই-কমার্চ মঞ্চ আৰু কেন্দ্ৰীয় ভাণ্ডাৰ তথা ছফলৰ দোকানৰ জৰিয়তে পিঁয়াজৰ বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে অনাগত সময়ত ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্র দিল্লী আৰু মুম্বাইৰ উপৰি গুৱাহাটী, কলকাতা, ভূবনেশ্বৰ, হায়দৰাবাদ, চেন্নাই, বাংগালুৰু, আহমেদাবাদ আৰু ৰায়পুৰত ৰেহাই মূল্যত পিঁয়াজ বিক্ৰীৰ ব্যৱস্থা কৰিব ।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।