শিৱসাগৰৰ ভটিয়াপাৰত তেল আৰু প্ৰাকৃতিক গেছ নিগম লিমিটেডৰ তৈলখাদৰ গেছ নির্গমন ক্রমাৎ হ্ৰাস পাইছে বুলি অ’ এন জি চি কৰ্তৃপক্ষই প্ৰেছ বিজ্ঞপ্তিযোগে জানিবলৈ দিছে। আন্তঃৰাষ্ট্ৰীয় কুপ নিয়ন্ত্রণ বিশেষজ্ঞৰ অধীনত অব্যাহত থকা অভিযানে গুৰুত্বপূৰ্ণ অগ্রগতি লাভ কৰিছে বুলিও প্ৰেছ বিজ্ঞপ্তিত কোৱা হৈছে। দলটোৱে ষ্টেয়াৰ কেচ, জটিল তাঁৰ আৰু অন্যান্য গাঁথনিগত উপাদানকে ধৰি ৰীগৰ বাকী থকা সকলো সামগ্ৰী সফলতাৰে আঁতৰাইছে। এই গুৰুত্বপূৰ্ণ পদক্ষেপত ৰীগৰ উপ-গাঁথনিটো নিৰাপদে আঁতৰোৱা আৰু টানি অনাৰ ফলত ৱেলহেডলৈ প্ৰৱেশ প্রশস্ত হৈছে। ইয়াৰ ফলত চূড়ান্ত কূপ নিয়ন্ত্ৰণ প্ৰক্ৰিয়াৰ অপৰিহাৰ্য অংশ হিচাপে অনাগত অভিযানৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। পৰৱৰ্তী পৰ্যায়ত সাৱধানতাৰে ব্লু আউট প্রিভেণ্টাৰ আঁতৰোৱা হ’ব বুলি প্ৰেছ বিজ্ঞপ্তিত কোৱা হৈছে। ইয়াৰ পাছত ৱেল কেপিং কৌশলৰ অংশ হিচাপে এটা বিকল্প গোট স্থাপন কৰা হ’ব বুলিও বিজ্ঞপ্তিত প্ৰকাশ কৰা হৈছে।
Site Admin | June 26, 2025 8:41 PM | ongc sivsagar oil
শিৱসাগৰৰ ভটিয়াপাৰৰ তৈলখাদৰ গেছ নির্গমন ক্রমাৎ হ্ৰাস