June 26, 2025 8:41 PM

views 12

শিৱসাগৰৰ ভটিয়াপাৰৰ তৈলখাদৰ গেছ নির্গমন ক্রমাৎ হ্ৰাস

শিৱসাগৰৰ ভটিয়াপাৰত তেল আৰু প্ৰাকৃতিক গেছ নিগম লিমিটেডৰ তৈলখাদৰ গেছ নির্গমন ক্রমাৎ হ্ৰাস পাইছে বুলি অ' এন জি চি কৰ্তৃপক্ষই প্ৰেছ বিজ্ঞপ্তিযোগে জানিবলৈ দিছে। আন্তঃৰাষ্ট্ৰীয় কুপ নিয়ন্ত্রণ বিশেষজ্ঞৰ অধীনত অব্যাহত থকা অভিযানে গুৰুত্বপূৰ্ণ অগ্রগতি লাভ কৰিছে বুলিও প্ৰেছ বিজ্ঞপ্তিত কোৱা হৈছে। দলটোৱে ষ্টেয়াৰ কেচ, জটিল তাঁৰ আৰু অন্যান্য গাঁথনিগত উপাদানকে ধৰি ৰীগৰ বাকী থকা সকলো সামগ্ৰী সফলতাৰে আঁতৰাইছে। এই গুৰুত্বপূৰ্ণ পদক্ষেপত ৰীগৰ উপ-গাঁথনিটো নিৰাপদে আঁতৰোৱা আৰু টানি অনাৰ ফলত ৱেলহেডলৈ প্ৰৱেশ প্রশস্ত ...

June 25, 2025 9:10 PM

views 17

শিৱসাগৰৰ ভটিয়াপাৰত থকা ১৪৭ নম্বৰ তৈলখাদৰ গেছ নিৰ্গমণ অহা দুই-এদিনৰ ভিতৰত সম্পূৰ্ণ নিয়ন্ত্ৰণৰ আশা

শিৱসাগৰৰ ভটিয়াপাৰত থকা ১৪৭ নম্বৰ তৈলখাদত অ’এনজিচিৰ গেছ নিৰ্গমণৰ ঘটনাৰ ১৪ দিনৰ পাছতো অঞ্চলটোৰ ৭৫০গৰাকী ব্যক্তি এতিয়াও আশ্রয় শিবিৰৰ খাদ্যৰ ওপৰত নিৰ্ভৰশীল হৈ আছে। অধিকাংশ পৰিয়ালেই নিজৰ ঘৰলৈ ঘূৰি গৈছে যদিও অঞ্চলটোত জুই জ্বলোৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা থকাৰ কাৰণে প্ৰশাসনে তেওঁলোকৰ খাদ্যৰ ব্যৱস্থা কৰিছে। অৱশ্যে ঘটনাস্থলীৰ নিচেই সমীপৰ ৮টা পৰিয়াল এতিয়াও আশ্রয় শিবিৰতে আছে। অ’এনজিচিয়ে আন্তঃৰাষ্ট্ৰীয় কুপ নিয়ন্ত্রণ বিশেষজ্ঞৰ সহযোগত কুপ নিয়ন্ত্রণ অভিযানত কৌশলগত অগ্রগতি লাভ কৰিছে। বিশেষজ্ঞসকলে ৮০ মিটাৰ...