শিৱসাগৰৰ ভটিয়াপাৰত থকা ১৪৭ নম্বৰ তৈলখাদৰ গেছ নিৰ্গমণ অহা দুই-এদিনৰ ভিতৰত সম্পূৰ্ণ নিয়ন্ত্ৰণৰ আশা

শিৱসাগৰৰ ভটিয়াপাৰত থকা ১৪৭ নম্বৰ তৈলখাদত অ’এনজিচিৰ গেছ নিৰ্গমণৰ ঘটনাৰ ১৪ দিনৰ পাছতো অঞ্চলটোৰ ৭৫০গৰাকী ব্যক্তি এতিয়াও আশ্রয় শিবিৰৰ খাদ্যৰ ওপৰত নিৰ্ভৰশীল হৈ আছে। অধিকাংশ পৰিয়ালেই নিজৰ ঘৰলৈ ঘূৰি গৈছে যদিও অঞ্চলটোত জুই জ্বলোৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা থকাৰ কাৰণে প্ৰশাসনে তেওঁলোকৰ খাদ্যৰ ব্যৱস্থা কৰিছে। অৱশ্যে ঘটনাস্থলীৰ নিচেই সমীপৰ ৮টা পৰিয়াল এতিয়াও আশ্রয় শিবিৰতে আছে। অ’এনজিচিয়ে আন্তঃৰাষ্ট্ৰীয় কুপ নিয়ন্ত্রণ বিশেষজ্ঞৰ সহযোগত কুপ নিয়ন্ত্রণ অভিযানত কৌশলগত অগ্রগতি লাভ কৰিছে। বিশেষজ্ঞসকলে ৮০ মিটাৰ দৈৰ্ঘ্যৰ বুম সম্পন্ন দুশ টনৰ ক্রেন এখন স্থাপন কৰিবলৈ সমৰ্থ হৈছে। কুপ কেপিং অর্থাৎ তৈলখাদটো স্থায়ীভাৱে বন্ধ কৰাৰ ক্ষেত্ৰত এয়া গুৰুত্বপূৰ্ণ অগ্রগতি হিচাপে বিবেচিত হৈছে। তৈলখাদটোত হোৱা গেছ নির্গমণ অহা দুই- এদিনৰ ভিতৰতে সম্পূৰ্ণকৈ নিয়ন্ত্ৰিত হোৱাৰ আশা কৰা গৈছে।