উত্তৰ গুৱাহাটীত গ্ৰীষ্মকালীন হস্তশিল্প আৰু পোৰামাটি শিল্পৰ কৰ্মশালা

  1. অসম ফেকাল্টি অব ফাইন আৰ্টছ এণ্ড ক্রাফটৰ উদ্যোগত আৰু জনকল্যাণ ছ’চাইটি সংস্কৃতিক বিদ্যালয়ৰ সহযোগত উত্তৰ গুৱাহাটীত কালিৰে পৰা গ্ৰীষ্মকালীন হস্তশিল্প আৰু পোৰামাটি শিল্পৰ কৰ্মশালা অনুষ্ঠিত হৈছে। উত্তৰ গুৱাহাটীৰ মধ্যম খণ্ডৰ চন্দ্ৰকুমাৰ বৰদলৈ জাতীয় বিদ্যালয় প্ৰাংগনত চাৰি দিনীয়াকৈ আয়োজন কৰা এই কৰ্মশালাত ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ভাস্কৰ তথা চিত্রশিল্পী হৰেকৃষ্ণ তালুকদাৰ আৰু তেওঁৰ সহযোগীসকলে প্রশিক্ষণ প্ৰদান কৰিছে। অঞ্চলটোৰ বিভিন্ন বিদ্যালয়ৰ অৰ্ধশতাধিক ছাত্র-ছাত্রীয়ে অংশগ্রহণ কৰা এই কৰ্মশালাত ভগৱানৰ মূৰ্তিৰ পৰা আৰম্ভ কৰি মাছ, কাছকে ধৰি বিভিন্ন জীৱ-জন্তুৰ মূৰ্তি নিৰ্মাণ কৰিবলৈ শিকোৱাৰ ব্যৱস্থা কৰা হৈছে। উদ্যোক্তাসকলৰ উদ্ধৃতিৰে আকাশবাণীৰ সংবাদদাতাই জনোৱা মতে কৰ্মশালাৰ সামৰণিৰ দিনটোত প্ৰশিক্ষাৰ্থীসকলে নিৰ্মাণ কৰা পোৰা মাটিৰ সামগ্ৰীৰ এখন প্ৰদৰ্শনী অনুষ্ঠিত কৰাৰ লগতে অংশগ্ৰহণকাৰী শিক্ষাৰ্থীসকলক উপহাৰ আৰু মানপত্ৰ প্ৰদান কৰা হ’ব ।
অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।