ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে বৰ্তমানলৈকে ৪ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিল

♦ ৰাজ্যত ২৬ এপ্ৰিলত হ’বলগীয়া দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে এতিয়ালৈকে চাৰিগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে। ডিফু সমষ্টিৰ বাবে আজি বিজেপি প্রার্থী অমৰ সিং তিছোৱে মনোনয়ন দাখিল কৰে। প্ৰাৰ্থীৰ্গৰাকীয়ে কাৰ্বি আংলং নিৰ্বাচনী জিলাৰ ৰিটার্ণিং বিষয়া মথুমিতা ভাগৱতীৰ হাতত মনোনয়ন দাখিল কৰে। মনোনয়ন দাখিলৰ সময়ত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, ডিমা হাছাও স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গালোচাৰ লগতে ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে। নগাঁও সংসদীয় সমষ্টিত এতিয়ালৈকে দুগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে। জিলা আয়ুক্ত তথা নিৰ্বাচনী ৰিটার্ণিং বিষয়াৰ কাৰ্যালয়ত কালি বিয়লি অসম জন মৰ্চাৰ প্ৰাৰ্থী ছাইফুল ইছলাম চৌধুৰীয়ে মনোনয়ন দাখিল কৰিছিল।

আজি শিখা শৰ্মা নামৰ মহিলা গৰাকীয়ে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰে। অৱশ্যে এই সমষ্টিটোৰ পৰা বিজেপি মিত্ৰজোঁট আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থীয়ে এতিয়ালৈ মনোনয়ন দাখিল কৰা নাই। কালি শিলচৰ সমষ্টিত এগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছিল। উল্লেখযোগ্য যে, দ্বিতীয় পৰ্যায়ত ২৬ এপ্ৰিলত দৰং-ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁও সমষ্টিত নির্বাচন অনুষ্ঠিত হ’ব। এই পৰ্যায়ৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন ৪ এপ্রিল ধাৰ্য্য কৰা হৈছে। অহা ৫ এপ্ৰিলত মনোনয়ন পৰীক্ষা কৰা হ’ব আৰু ৮ এপ্ৰিল হ’ব মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন।