ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

January 9, 2025 8:51 PM | Nitin Gadkari

printer

ভাৰতে নিৰন্তৰ বিকল্প শক্তিৰ উৎসৰ প্ৰচাৰৰ বাবে কাম কৰি আহিছে বুলি নীতিন গাডকাৰী প্ৰকাশ

কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে কয় যে শক্তিৰ ক্ষেত্ৰত ভাৰত আমদানিকাৰী দেশৰ পৰা ৰপ্তানিকাৰী দেশলৈ পৰিৱৰ্তিত হ’ব লাগিব। মধ্য প্ৰদেশৰ পিঠামপুৰত নেশ্যনেল অটোম’টিভ টেষ্ট ট্ৰেকত আয়োজিত অনুষ্ঠানত তেওঁ কয় যে ভাৰতে নিৰন্তৰ বিকল্প শক্তিৰ উৎসৰ প্ৰচাৰৰ বাবে কাম কৰি আহিছে। হাইড্ৰজেনক ভৱিষ্যতৰ ইন্ধন বুলি অভিহিত কৰি তেওঁ কয় যে চৰকাৰ আৰু বিভিন্ন অটোম’বাইল কোম্পানীসমূহে এই ক্ষেত্ৰত কাম কৰি আহিছে। দেশৰ অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত অটোম’বাইল উদ্যোগৰ গুৰুত্ব সম্পৰ্কে আলোকপাত কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, যে এই খণ্ডই ৪ কোটি ৫ লাখতকৈও অধিক সংস্থাপনৰ সৃষ্টি কৰিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।