ডাউনলোড
মোবাইল এপ

android apple
signal

September 3, 2025 8:21 PM | Nitin Gadkari

printer

নীতিন গাডকাৰীৰৰ অধ্যক্ষতাত বহনক্ষম ৰাষ্ট্ৰীয় ঘাইপথ উন্নয়নৰ বাবে উদ্ভাৱনীমূলক নীতি গ্রহণ সন্দৰ্ভত কর্মশালা

কেন্দ্রীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্রী নীতিন গাডকাৰীয়ে আজি নতুন দিল্লীত বহনক্ষম ৰাষ্ট্ৰীয় ঘাইপথ উন্নয়নৰ বাবে উদ্ভাবনীমূলক নীতি গ্রহণ সন্দৰ্ভত এখন পৰামৰ্শমূলক কর্মশালাত অধ্যক্ষতা কৰে। এই কর্মশালাত বিশ্বমানৰ বহনক্ষম আৰু ভৱিষ্যতৰ বাবে সাজু পৰিবহন আন্তঃগাঁথনি সৃষ্টি কৰাৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ ওপৰত আলোকপাত কৰাৰ লগতে বিশেষকৈ বর্ধিত নগৰাঞ্চলৰ চৌপাশে যান-বাহনৰ ভিৰ হ্ৰাস কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হয়। অনুষ্ঠানত পথ পৰিবহন আৰু ঘাইপথ মন্ত্রালয়ৰ ৰাজ্যমন্ত্রী অজয় টাটা আৰু হৰ্ষ মলহোত্রা, ৰাজ্য চৰকাৰৰ শীৰ্ষ বিষয়া তথা পৌৰ সভাৰ আয়ুক্তসকল উপস্থিত থাকে। মন্ত্রালয়ে এটা বিবৃতিত প্ৰকাশ কৰা মতে অনুষ্ঠানত মূল চহৰসমূহৰ পৰা যান-জট হ্রাস কৰাৰ বাবে ৰিং ৰোড আৰু বাইপাছ নির্মাণকে ধৰি উদ্ভাবনীমূলক নীতিগত হস্তক্ষেপ সন্দৰ্ভত আলোচনা কৰা হয়।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।