January 1, 2026 1:18 PM | SPORTS

printer

নতুন সংকল্পেৰে নতুন বছৰক বিশেষ কৰি তুলিবৰ বাবে সাজু ক্ৰীড়াজগত

নতুন সংকল্পেৰে নতুন বছৰক বিশেষ কৰি তুলিবৰ বাবে আন সকলোৰে দৰে ক্ৰীড়াজগতো সাজু হৈছে। ২০২৬ বৰ্ষটো ক্রীড়াপ্ৰেমীসকলৰ বাবে অত্যন্ত আকর্ষণীয় হ’ব। নতুন বছৰটোত নিয়মীয়া প্ৰতিযোগিতাসমূহৰ লগতে চাৰিখন বিশ্বকাপ, কমনৱেলথ গেমছ আৰু এছিয়ান গেমছ অনুষ্ঠিত হ’ব। ৪ বছৰৰ প্ৰতীক্ষাৰ অন্তত এইবাৰ আমেৰিকা, কানাডা আৰু মেক্সিকোত ফুটবল বিশ্বকাপ অনুষ্ঠিত হ’ব। ৪৮ খন দেশৰ অংশগ্রহণেৰে হ’বলগীয়া এইবাৰৰ বিশ্বকাপ ফুটবল ইতিহাসৰ সৰ্ববৃহৎ প্রতিযোগিতাৰূপে পৰিগণিত হ’ব। ১১ জুনৰ পৰা আৰম্ভ হ’বলগীয়া প্রতিযোগিতাখন ১৯ জুলাইত সামৰণি পৰিব। ইপিনে ক্রিকেট জগততো এইবছৰ ১৯ অনুৰ্থ বিশ্বকাপ, পুৰুষৰ টি-২০ বিশ্বকাপ আৰু মহিলা টি-২০ বিশ্বকাপ অনুষ্ঠিত হ’ব। অহা ১৫ জানুৱাৰীৰ পৰা জিম্বাব’ৱে আৰু নামিবিয়াত ১৯ অনুৰ্থ বিশ্বকাপ অনুষ্ঠিত হ’ব। এই প্ৰতিযোগিতাৰ সামৰণিৰ পাছতে ৭ ফেব্ৰুৱাৰীত ভাৰত আৰু শ্ৰীলংকাত পুৰুষৰ টি-২০ বিশ্বকাপ আৰম্ভ হ’ব। একেদৰে ১২ জুনৰ পৰা ৫ জুলাইলৈ ইংলেণ্ড আৰু ৱেলছত মহিলা টি-২০ বিশ্বকাপ অনুষ্ঠিত হ’ব। এদিনীয়া বিশ্বকাপ দখলৰ পাছত ভাৰতৰ মহিলা ক্রিকেট দলৰ সন্মুখত বিশ্বকাপ জয়ৰ এয়া দ্বিতীয়টো সুযোগ। আনহাতে ক্রীড়াপ্রেমীক কমনৱেলথ গেমছ আৰু এছিয়ান গেমছেও এইবাৰ বিপুল আমোদ যোগাব। চলিত বৰ্ষৰ ২৩ জুলাইৰ পৰা ২ আগষ্ট পর্যন্ত গ্লাছগ’ত কমনৱেলথ গেমছৰ আয়োজন কৰা হৈছে। ১৯ ছেপ্তেম্বৰৰ পৰা ৪ অক্টোবৰলৈ জাপানৰ আইচি চহৰত এছিয়ান গেমছ অনুষ্ঠিত হ’ব। অসম সন্তান নয়নমণি শ‍ইকীয়া, লাভলীনা বৰগোহাঁই, অংকুশিতা বড়ো আৰু অম্লান বৰগোহাঁইৰ বাবে এছিয়ান গেমছত ভাল প্ৰদৰ্শনৰ বাবে অনুশীলন অব্যাহত ৰাখিছে। একেদৰে অহা আগষ্টত দিল্লীত বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপ অনুষ্ঠিত হ’ব।