নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৯ সংখ্যক জন্মবার্ষিকীৰ লগত সংগতি ৰাখি সমগ্র দেশত আজি পৰাক্ৰম দিৱস পালন কৰা হয়। অসমৰ বিভিন্ন স্থানতো নেতাজীৰ সোঁৱৰণত বিভিন্ন কার্যসূচী অনুষ্ঠিত হয়। গুৱাহাটীৰ পল্টন বজাৰৰ নেতাজী চ’কত আজি সদৌ অসম নেতাজী সুভাষ চন্দ্র বসু জন্মদিন উদযাপন সমিতিৰ উদ্যোগত মহান স্বাধীনতা যুঁজাৰুগৰাকীৰ ১৩০ সংখ্যক জন্মদিন উদযাপন কৰা হয়। অনুষ্ঠানত মন্ত্রী জয়ন্ত মল্লবৰুৱাই মুখ্য অতিথি হিচাপে অংশ লৈ নেতাজীৰ প্ৰতিমূৰ্তিত শ্রদ্ধা নিবেদন কৰে। মন্ত্ৰীগৰাকীয়ে ভাৰতক ব্ৰিটিছ শাসনৰ পৰা মুক্ত কৰাৰ বাবে আজাদ হিন্দ ফৌজ গঠন কৰা নেতাজীৰ অদম্য সাহস আৰু বীৰত্বৰ শলাগ লয়।
ধুবুৰী জিলাৰ বিভিন্ন স্থানতো আজি পৰাক্ৰম দিৱস উদযাপন কৰা হয়। জিলাখনৰ পাঁচমূৰত থকা নেতাজীৰ প্রতিমূর্তিস্থলীৰ লগতে গৌৰীপুৰ, সাপটগ্রাম, চাপৰ আদি স্থানতো বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হয়। বিলাসীপাৰাত নেতাজী সেৱা সদনৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে পৰাক্ৰম দিবস অনুষ্ঠিত হয়। গোৱালপাৰা জিলাৰ বিভিন্ন ঠাইত নেতাজী সুভাষ চন্দ্র বসু জন্মদিন উপলক্ষে শোভাযাত্রা, ছাত্র-ছাত্রীৰ মাজত বিভিন্ন প্রতিযোগিতা আদি অনুষ্ঠিত হয়। দুধনৈৰ জনমন্দিৰ প্ৰাংগণত বাঙালী যুৱ ছাত্ৰ ফেডাৰেচন আৰু আঞ্চলিক মহিলা ফেডাৰেচনৰ সহযোগত পৰাক্ৰম দিৱস উদযাপন কৰা হয়।
শিলচৰত নেতাজীৰ জন্মদিন উপলক্ষে শোভাযাত্রা উলিওৱা হয়। নৰসিংতোলা পথাৰৰ পৰা উলিওৱা এই শোভাযাত্রাত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, বিভিন্ন দল সংগঠনৰ সদস্যৰ লগতে ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনীৰ কেডেটসকলে অংশগ্ৰহণ কৰে।