January 23, 2026 6:37 PM

views 46

সমগ্র দেশত আজি পৰাক্ৰম দিৱস পালন

 নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৯ সংখ্যক জন্মবার্ষিকীৰ লগত সংগতি ৰাখি সমগ্র দেশত আজি পৰাক্ৰম দিৱস পালন কৰা হয়। অসমৰ বিভিন্ন স্থানতো নেতাজীৰ সোঁৱৰণত বিভিন্ন কার্যসূচী অনুষ্ঠিত হয়। গুৱাহাটীৰ পল্টন বজাৰৰ নেতাজী চ'কত আজি সদৌ অসম নেতাজী সুভাষ চন্দ্র বসু জন্মদিন উদযাপন সমিতিৰ উদ্যোগত মহান স্বাধীনতা যুঁজাৰুগৰাকীৰ ১৩০ সংখ্যক জন্মদিন উদযাপন কৰা হয়। অনুষ্ঠানত মন্ত্রী জয়ন্ত মল্লবৰুৱাই মুখ্য অতিথি হিচাপে অংশ লৈ নেতাজীৰ প্ৰতিমূৰ্তিত শ্রদ্ধা নিবেদন কৰে। মন্ত্ৰীগৰাকীয়ে ভাৰতক ব্ৰিটিছ শাসনৰ পৰা মুক্ত কৰাৰ বাবে আজাদ ...

January 23, 2026 12:04 PM

views 29

সমগ্ৰ দেশত আজি পৰাক্ৰম দিৱস পালন

নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৯ সংখ্যক জন্মবার্ষিকীৰ লগত সংগতি ৰাখি সমগ্ৰ দেশত আজি পৰাক্ৰম দিৱস পালন কৰা হৈছে। এই উপলক্ষে আজিৰেপৰা শ্ৰীবিজয়পুৰমৰ নেতাজী ষ্টেডিয়ামত তিনিদিনীয়াকৈ জন্মবার্ষিকী উদযাপনৰ আয়োজন কৰা হৈছে। অসমৰ বিভিন্ন স্থানতো নেতাজীক স্মৰণৰ বাবে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই জন্মবার্ষিকীত নেতাগৰাকীক ৰাজ্যবাসীৰ হৈ স্মৰণ কৰিছে। ধুবুৰী জিলাৰ বিভিন্ন স্থানত দল-সংগঠনে আজি পৰাক্ৰম দিৱস উদযাপনৰ আয়োজন কৰিছে। জিলাখনৰ পাঁচমূৰত থকা নেতাজীৰ প্ৰতিমূৰ্তিস্থল...