ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

NEET-UG প্ৰৱেশ পৰীক্ষাত গ্ৰেছ নম্বৰ লাভ কৰা ১,৫৬৩ গৰাকী পৰীক্ষাৰ্থীক ২৩ জুনত পুনৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বিকল্প দিয়া হৈছে

NEET UG প্ৰৱেশ পৰীক্ষাত গ্ৰেছ নম্বৰ লাভ কৰা ১,৫৬৩ গৰাকী পৰীক্ষাৰ্থীক অহা ২৩ জুনত পুনৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বিকল্প দিয়া হৈছে বুলি কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ক অৱগত কৰিছে। চৰকাৰে সৰ্বোচ্চ ন্যায়ালয়ক জনোৱা অনুসৰি গ্ৰেছ নম্বৰ লাভ কৰা এই পৰীক্ষাৰ্থীসকলৰ ফলাফলৰ পুনৰ বিবেচনা কৰাৰ বাবে এখন কমিটী গঠন কৰা হৈছে। অহা ৩০ জুনৰ পূৰ্বে এই ফলাফলসমূহ ঘোষণা কৰা হ’ব। এন টি এৰ বিৰুদ্ধে ইয়াৰ পূৰ্বে দাখিল কৰা এখন আবেদনত কোৱা হৈছিল যে প্ৰশ্নকাকত ফাদিলৰ লগতে অন্যান্য বিভিন্ন খেলিমেলিৰ মাজত যোৱা ৫ মে’ত এই প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত হৈছিল। প্ৰশ্নকাকত ফাদিলৰ এই ঘটনাই সংবিধানৰ ১৪ নম্বৰ অনুচ্ছেদৰ সমানতাৰ অধিকাৰক উলংঘা কৰা বুলি এই আবেদনত উল্লেখ কৰা হৈছে। যাৰ যোগেদি এচাম অসৎ উপায় অৱলম্বন কৰা পৰীক্ষাৰ্থীয়ে নিকা আৰু স্বচ্ছতাৰে পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলতকৈ অধিক সুযোগ লাভ কৰে।
ইপিনে, কেন্দ্ৰীয় চৰকাৰে আজি নীটৰ পৰীক্ষাত কোনোধৰণৰ দুৰ্নীতি সংঘটিত হোৱা নাই বুলি প্ৰকাশ কৰিছে। শিক্ষা দপ্তৰৰ দায়িত্ব গ্ৰহণ কৰাৰ পাছত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত ধর্মেন্দ্ৰ প্ৰধানে আজি কয় যে বিষয়টো উচ্চতম ন্যায়ালয়ত দাখিল কৰা হৈছে আৰু এইবিষয়ে চৰকাৰে ন্যায়ালয়ত উত্তৰ দিব। তেওঁ লগতে কয় যে এই ঘটনা সন্দৰ্ভত পৰ্যবেক্ষণৰ বাবে শিক্ষাবিদসকলৰ তত্বাৱধানত এখন সমিতি ইতিমধ্যে গঠন কৰা হৈছে।