ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

July 15, 2024 8:29 PM | CUET-UG

printer

NEET-UG সন্দৰ্ভত অমীমাংসিত হৈ থকা আবেদনৰ স্থানান্তৰ বিচাৰি উচ্চতম ন্যায়ালয়ৰ নতুন আবেদন

উচ্চতম ন্যায়ালয়ে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা এন টি এয়ে নীট ইউ জিৰ প্ৰশ্নকাকত ফাদিল হোৱা সন্দৰ্ভত ৰাজস্থান উচ্চ ন্যায়ালয়ত অমীমাংসিত হৈ থকা আবেদনৰ স্থানান্তৰ বিচাৰি কৰা এলানি নতুন আবেদন সন্দৰ্ভত আজি জাননী জাৰি কৰিছে। মুখ্য ন্যায়াধীশ ডি বাই চন্দ্রচূড়, ন্যায়াধীশ জে বি পাৰিৱালা তথা ন্যায়াধীশ মনোজ মিশ্ৰৰ বিচাৰপীঠে ৰাজস্থান উচ্চ ন্যায়ালয়ৰ আবেদনকাৰীসকললৈ জাননী জাৰি কৰাৰ লগতে এই সন্দৰ্ভত অমীমাংসিত হৈ থকা বিষয়সমূহৰ সৈতে স্থানান্তৰৰ আবেদনসমূহকো সংযুক্ত কৰে। অৱশ্যে বিচাৰপীঠে বিষয়টো ৰাজস্থান উচ্চ ন্যায়ালয়ৰ বিচাৰাধীন হৈ থকাৰ বাবে এই সন্দৰ্ভত আনুষ্ঠানিক নিৰ্দেশনা জাৰি কৰাৰ পৰা বিৰত থাকে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।