অহা ২৩ আগষ্টত দেশজুৰি প্ৰথমবাৰৰ বাবে ৰাষ্ট্রীয় মহাকাশ দিৱস উদযাপন কৰা হ’ব। দিৱসৰ এই বছৰৰ বিষয়বস্তু হৈছে- চন্দ্ৰপৃষ্ঠক স্পর্শ কৰাৰ লগতে জীৱনকো স্পর্শ কৰা- ভাৰতৰ মহাকাশ গাথা। এই বিষয়বস্তুৱে মহাকাশ অন্বেষণৰ ফলত সমাজ আৰু প্ৰযুক্তিৰ ওপৰত পৰা গভীৰ প্রভাৱক উজলাই তুলিছে। ৰাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুৰ্মুৱে ৰাষ্ট্রীয় মহাকাশ দিৱস উপলক্ষে নতুন দিল্লীৰ ভাৰত মণ্ডপমত হ’বলগীয়া মূল কাৰ্যসূচী মুকলি কৰিব। ৰাষ্ট্রীয় মহাকাশ দিৱসৰ মূল কাৰ্যসূচীৰ পূর্বাভাস দিবলৈ নতুন দিল্লীত আয়োজন কৰা সংবাদমেলত কেন্দ্ৰীয় মহাকাশ দপ্তৰ ৰাজ্যমন্ত্রী ড০ জীতেন্দ্র সিঙে কয় যে, যোৱা বছৰৰ ২৩ আগষ্টৰ দিনটোতে চন্দ্রযান-৩ অভিযানে চন্দ্ৰপৃষ্ঠত বিক্রম লেণ্ডাৰৰ সুৰক্ষিত আৰু মসৃণ অৱতৰণ কৰাবলৈ সমৰ্থ হৈছিল। তাৰ লগে লগেই ভাৰত চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰা বিশ্বৰ চতুৰ্থখন দেশ আৰু চন্দ্ৰৰ দক্ষিণ মেৰু অঞ্চলত অৱতৰণ কৰিবলৈ সমৰ্থ হোৱা প্ৰথমখন দেশ হিচাপে পৰিগণিত হৈছিল। অন্বেষণৰ ক্ষেত্ৰত দেশে অর্জন কৰা উল্লেখনীয় সফলতা আৰু মহাকাশ প্রযুক্তিৰ ক্ষেত্ৰত লাভ কৰা অগ্রগতিৰ স্বীকৃতিস্বৰূপে ৰাষ্ট্রীয় মহাকাশ দিৱসৰ আয়োজন কৰা হৈছে।
Site Admin | August 21, 2024 6:56 PM | national space day 23 august
দেশজুৰি অহা ২৩ আগষ্টত প্ৰথমবাৰৰ বাবে উদযাপন কৰা হ’ব ‘ৰাষ্ট্রীয় মহাকাশ দিৱস’
