ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

August 28, 2025 1:12 PM | Nagoan

printer

ধিং ৰাজহ চক্ৰৰ অন্তৰ্গত প্ৰায় ২৮ বিঘা চৰকাৰী ভূমি দখলমুক্ত

 নগাঁও জিলা প্রশাসনে কালি ধিং ৰাজহ চক্ৰৰ অন্তৰ্গত বটদ্ৰৱা আৰু আলিটাঙনি মৌজাৰ প্ৰায় ২৮ বিঘা চৰকাৰী ভূমি দখলমুক্ত কৰে। ৰাজ্য চৰকাৰৰ নিৰ্দেশনা অনুসৰি জিলা প্ৰশাসনে অবৈধ দখলকাৰীক ভূমি খালী কৰাৰ বাবে জাননী জাৰি কৰিছিল। জিলা প্ৰশাসনৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই একাংশ দখলকাৰীয়ে বাসগৃহ এৰি অন্য ঠাইলৈ গুচি যোৱাৰ ফলত প্রশাসন উচ্ছেদ চলোৱাৰ পৰা বিৰত থাকে।

ধিং ৰাজহ চক্ৰৰ আন ৭ খন গাঁৱৰ এহেজাৰ ৪৭ বিঘা চৰকাৰী ভূমিত দ্বিতীয় পৰ্যায়ত উচ্ছেদ অভিযান চলোৱা হব বুলি ৰাজহচক্ৰ বিষয়া সৌৰভ কুমাৰ দাসে জানিবলৈ দিছে। বালিসত্ৰ, ডুমডুমীয়া বজাৰ, আহোমগাওঁ, ৰাজবাৰী গ্ৰাণ্ট, ৰৌমাৰী বিল, লহকৰঘাট আৰু বটামাৰী ৰিজাৰ্ভৰ প্ৰায় ৭০০ পৰিয়ালক উচ্ছেদ কৰাৰ সম্ভাৱনা আছে বুলি তেওঁ কয়।

বিশ্বনাথ জিলাৰ উচ্ছেদিত ননকে জাপৰিগুৰি অঞ্চলত কালি জিলা প্ৰশাসনৰ উদ্যোগত গছপুলি ৰোপণ আৰু তাঁৰৰ বেৰ নিৰ্মাণৰ শুভাৰম্ভ কৰা হয়। মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনিৰ অধীনত বিশ্বনাথ আঞ্চলিক পঞ্চায়তৰ দ্বাৰা ২৪ লাখৰো অধিক টকা ব্যয়সাপেক্ষে এই কাম সম্পন্ন কৰা হব। এই অনুষ্ঠানত কেইবাটাও স্বেচ্ছাসেৱী সংগঠনৰ কৰ্মীৰ লগতে আত্মসহায়ক গোট আৰু ছাত্ৰ-ছাত্ৰীসকলে গছপুলি ৰোপণ কৰে। এই উপলক্ষে আয়োজিত এখন সভাত বিধায়ক প্রমোদ বৰঠাকুৰ, জিলা আয়ুক্ত সীমান্ত কুমাৰ দাস প্ৰমুখ্যে কেইবাগৰাকী ব্যক্তিয়ে ভাষণ দিয়ে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।