ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

August 27, 2025 8:03 PM | Nagoan

printer

উচ্ছেদ অবিহনেই নগাওঁ জিলাৰ ধিং ৰাজহ চক্ৰৰ প্ৰায় ২৮ বিঘা চৰকাৰী ভূমি দখলমুক্ত

নগাঁওৰ জিলা প্ৰশাসনে ধিং ৰাজহ চক্ৰৰ অন্তৰ্গত বটদ্ৰৱা আৰু আলিটাঙনি মৌজাৰ প্ৰায় ২৮ বিঘা চৰকাৰী ভূমি দখলমুক্ত কৰা হৈছে বুলি ঘোষণা কৰিছে। চৰকাৰী ভূমিত অবৈধভাৱে বসবাস কৰা লোকসকলৰ বিৰুদ্ধে আজি উচ্ছেদ অভিযান চলোৱাৰ ব্যৱস্থা কৰা হৈছিল। ৰাজ্য চৰকাৰৰ নিৰ্দেশনা অনুসৰি জিলা প্ৰশাসনে অবৈধ দখলকাৰীক ভূমি খালী কৰাৰ বাবে জাননী জাৰি কৰিছিল । জিলা প্ৰশাসনৰ আহ্বানক সহাৰি জনাই একাংশ অবৈধ দখলকাৰীয়ে নিজে ঘৰ দুৱাৰসমূহ অন্য ঠাইলৈ গুচি যোৱাৰ ফলত প্রশাসন উচ্ছেদ চলোৱাৰ পৰা বিৰত থাকে।

ধিং ৰাজহ চক্ৰৰ আন ৭ খন গাঁৱৰ এহেজাৰ ৪৭ বিঘা চৰকাৰী ভূমিত দ্বিতীয় পৰ্যায়ত উচ্ছেদ অভিযান চলোৱা হ’ব বুলি ৰাজহচক্ৰ বিষয়াগৰাকীয়ে জানিবলৈ দিছে। বালিসত্র, ডুমডুমীয়া বজাৰ, আহোমগাওঁ, ৰাজাবাৰী গ্ৰাণ্ট, ৰৌমাৰী বিল, লহকৰঘাট আৰু বটামাৰী ৰিজাৰ্ভৰ প্ৰায় ৭০০ পৰিয়ালক উচ্ছেদ কৰাৰ সম্ভাৱনা আছে বুলি বিষয়াগৰাকীয়ে প্ৰকাশ কৰে। ইপিনে, বিশ্বনাথ জিলা প্ৰশাসনে ননকে জাপৰিগুৰিত অবৈধভাৱে দখল কৰা ১৭৫ বিঘা ভিজিআৰ ভূমি পুনৰ উদ্ধাৰ কৰাৰ পাছত এম জি এনৰেগা ২০২৫-২৬ ৰ অধীনত গছপুলি ৰোপণ আৰু ৱায়াৰ ফেন্সিং আৰম্ভ কৰিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।