ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

August 19, 2025 8:16 PM | Nagaon

printer

নগাঁৱৰ দখলীকৃত ভূমিত শীঘ্ৰে উচ্ছেদ অভিযান চলিব বুলি কৃষ্ণেন্দু পালৰ ঘোষণা

নগাঁৱৰ দখলীকৃত ভূমিত শীঘ্ৰে উচ্ছেদ অভিযান চলিব বুলি জিলাখনত অভিভাৱক মন্ত্রী কৃষ্ণেন্দু পালে ঘোষণা কৰিছে। জিলাখনত ১৯ হাজাৰ বিঘা ভূমি দখলমুক্ত কৰা হ’ব বুলি ইতিমধ্যে জাননী জাৰি কৰা হৈছে । আজি জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন পর্যালোচনা বৈঠকত অংশগ্ৰহণ কৰি সংবাদমাধ্যমৰ আগত মন্ত্ৰীগৰাকীয়ে এইদৰে কয়। জিলাখনত বৰ্তমান চলি থকা বিভিন্ন উন্নয়নমূলক কাম-কাজৰ খতিয়ান লৈ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্ৰীগৰাকীয়ে খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ ৰক্ষা কৰিবলৈ ৰাজ্য চৰকাৰ সদায় তৎপৰ বুলি অভিহিত কৰে ।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।