ডাউনলোড
মোবাইল এপ

android apple
signal

March 25, 2025 7:57 PM | Nagoan

printer

অহা ২৭ মাৰ্চত বিভিন্ন কাৰ্যসূচীৰে নগাঁও জিলা দিৱসৰ আয়োজন

নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত অহা ২৭ মাৰ্চত বিভিন্ন কাৰ্যসূচীৰে নগাঁও জিলা দিৱসৰ আয়োজন কৰা হৈছে। এই উপলক্ষে সেইদিনা জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আমাৰ নগাঁও শীৰ্ষক এখন কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। প্ৰতিযোগিতাখনত সকলো বয়সৰ লোকে অংশগ্ৰহণ কৰিব পাৰিব। দিৱসৰ সৈতে সংগতি ৰাখি জিলাখনৰ ঐতিহ্য বহনকাৰী স্থান আৰু ইয়াৰ গুৰুত্ব সম্পৰ্কত এখন আলোকচিত্র প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে। আগ্ৰহী প্ৰতিযোগীসকলে এই বিষয়ৰ সৈতে সংগতি থকা এ-থ্রী ছাইজৰ এখন ফটো তুলি এই সন্দৰ্ভত ২০০ শব্দৰ ভিতৰত এটা লেখা আয়ুক্তৰ কাৰ্যালয়ত অথবা ই-মেইলযোগে dcpbranch.nagaon@gmail.com লৈ কাইলৈ দিনৰ ১ বজাৰ ভিতৰত জমা দিব লাগিব। প্রতিযোগিতাত বিজয়ীসকলক নগদ ধনেৰে পুৰস্কৃত কৰা হ’ব। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নগাঁও জিলা দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰি সকলোকে এই কাৰ্যসূচীসমূহত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।

 

অধিক পঢ়ক

সকলো চাওক