নগাঁও জিলাৰ ধিং ৰাজহ চক্ৰৰ দখলিকৃত চৰকাৰী ভূমিত আজি দ্বিতীয় দিনাও উচ্ছেদ অভিযান অব্যাহত আছে। আজি ৰৌমাৰী বিল, মৈৰাধবজ, বেচামাৰী, শালমৰাবৰি, অকৰাবৰি আৰু গেলেকনি বিলৰ ভূমি দখলমুক্ত কৰাৰ বাবে অভিযান চলোৱা হৈছে। এই অভিযানৰ বাবে তিনি শতাধিক আৰক্ষীৰ লোক নিয়োগ কৰা হৈছে। আৰক্ষী আৰু অর্ধসামৰিক বাহিনীৰ বৃহৎ দলে উচ্ছেদ হৈ থকা স্থানসমূহ ঘেৰি ৰাখিছে যাতে কোনো ধৰণৰ অপ্রীতিকৰ ঘটনা হ’ব নোৱাৰে। এই অভিযান ১৯ আৰু ২০ ডিচেম্বৰতো চলিব। উল্লেখযোগ্য যে কালি পুৱা ৮ বজাত আৰম্ভ কৰা এই অভিযানত টুকটুকী, শালনাবাৰী আৰু আহোম গাঁৱৰ অবৈধভাবে পুখুৰী খনন কৰা চৰকাৰী ভূমি দখলমুক্ত কৰা হয়। অঞ্চলটোত বহুলোকে কেইবা বছৰ ধৰি বৃহৎ পুখুৰী খনন কৰি অবৈধভাবে মাছৰ ব্যৱসায় কৰি আহিছে। কালিৰ এই অভিযান শান্তিপূর্ণভাবে সম্পন্ন হয়। কালি এই অভিযানস্থলীত জিলাখনৰ আয়ুক্ত দেৱাশীষ শৰ্মাৰ লগতে জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত থাকে।
Site Admin | December 17, 2025 12:54 PM | Nagoan
নগাঁৱৰ ধিং ৰাজহ চক্ৰৰ দখলিকৃত চৰকাৰী ভূমিত উচ্ছেদ অভিযান অব্যাহত