ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

August 24, 2025 8:42 PM | nagaon pressmeet dc

printer

নগাঁৱৰ ৰাইদঙিয়াত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কেতবোৰ নথিপত্র উদ্ধাৰ হোৱাক লৈ জিলা আয়ুক্ত দেৱাশীষ শর্মাৰ স্পষ্টীকৰণ

নগাঁও চহৰৰ সমীপৱৰ্ত্তী ৰাইদঙিয়াত যোৱা নিশা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কেতবোৰ নথিপত্র উদ্ধাৰ হোৱাক লৈ আজি জিলাখনৰ আয়ুক্ত দেৱাশীষ শর্মাই এখন সংবাদ মেলত স্পষ্টীকৰণ দিয়ে। তেওঁ কয় যে জিলাখনৰ জুৰিয়া উন্নয়ন খণ্ডৰ পূব-পশ্চিম অংশৰ ৰামপুৰ সত্ৰ গাঁও পঞ্চায়ত, আলিটাঙনী জামগুৰি গাঁও পঞ্চায়তৰ পূব-পশ্চিম অংশৰ এন আৰ চিৰ নথিসমূহ সতী ৰাধিকা হাইস্কুলত সংৰক্ষিত হৈ আছিল। অসমমালা আঁচনিৰ অধীনত নগাঁও-ধিং পথ নিৰ্মাণৰ বাবে পথ সম্প্ৰসাৰণ কৰিবলগীয়া হোৱাত বিদ্যালয়খনৰ দুটা কোঠা ভাঙি দিবলগীয় হয় আৰু নথিসমূহ সমীপৰ এটা স্বাস্থ্য কেন্দ্ৰত ৰখা হয়। দুষ্কৃতিকাৰীয়ে এই ঘৰটোৰ তলা ভাঙি নথিসমূহ বিক্ৰী কৰিছিল যদিও ক্ৰেতাজনৰ পৰা আৰক্ষীয়ে নথিসমূহ জব্দ কৰে। নথি বিক্ৰী কৰা লোকজনৰ সন্ধানত আৰক্ষীয়ে তদন্ত চলাই আছে বুলি তেওঁ কয়। অৱশ্যে এই নথিসমূহ ইতিপূৰ্বে ডিজিটেলাইজড কৰা হৈছে আৰু ইয়াৰ পৰা কোনো সমস্যাৰ সম্ভাৱনা নাই বুলি তেওঁ স্পষ্ট কৰি দিয়ে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।