August 24, 2025 8:42 PM

views 12

নগাঁৱৰ ৰাইদঙিয়াত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কেতবোৰ নথিপত্র উদ্ধাৰ হোৱাক লৈ জিলা আয়ুক্ত দেৱাশীষ শর্মাৰ স্পষ্টীকৰণ

নগাঁও চহৰৰ সমীপৱৰ্ত্তী ৰাইদঙিয়াত যোৱা নিশা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কেতবোৰ নথিপত্র উদ্ধাৰ হোৱাক লৈ আজি জিলাখনৰ আয়ুক্ত দেৱাশীষ শর্মাই এখন সংবাদ মেলত স্পষ্টীকৰণ দিয়ে। তেওঁ কয় যে জিলাখনৰ জুৰিয়া উন্নয়ন খণ্ডৰ পূব-পশ্চিম অংশৰ ৰামপুৰ সত্ৰ গাঁও পঞ্চায়ত, আলিটাঙনী জামগুৰি গাঁও পঞ্চায়তৰ পূব-পশ্চিম অংশৰ এন আৰ চিৰ নথিসমূহ সতী ৰাধিকা হাইস্কুলত সংৰক্ষিত হৈ আছিল। অসমমালা আঁচনিৰ অধীনত নগাঁও-ধিং পথ নিৰ্মাণৰ বাবে পথ সম্প্ৰসাৰণ কৰিবলগীয়া হোৱাত বিদ্যালয়খনৰ দুটা কোঠা ভাঙি দিবলগীয় হয় আৰু নথিসমূহ সমীপৰ এটা ...