August 11, 2025 8:43 PM | nagaon meeting

printer

নগাঁও জিলাৰ পঞ্চায়ত প্ৰতিনিধি, পৌৰ প্ৰশাসনৰ বিষয়ববীয়াৰে অসম ৰাজ্যিক বিত্তীয় আয়োগৰ বৈঠক

অসম ৰাজ্যিক বিত্তীয় আয়োগৰ অধ্যক্ষ ৰাণা প্রতাপ কলিতাৰ নেতৃত্বত এটা দলে আজি নগাঁও জিলাত জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত আৰু গাঁও পঞ্চায়তৰ সভাপতিৰ লগতে পৌৰ প্ৰশাসনৰ বিষয়ববীয়াৰ সৈতে বৈঠকত মিলিত হয়। এই বৈঠকত ৰাজ্য চৰকাৰৰ বিত্ত বিভাগৰ সচিব তথা সপ্তম অসম ৰাজ্যিক বিত্ত আয়োগৰ সদস্য হেমন্ত কুমাৰ দেউৰীয়ে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ আবণ্টিত পুঁজি সমূহৰ ব্যৱহাৰ সম্পৰ্কে বিশেষভাৱে অৱগত কৰে। সভাত অধ্যক্ষগৰাকীয়ে অসম ৰাজ্যিক বিত্ত আয়োগৰ নীতি-নিৰ্দেশনাৰ বিষয়ে উল্লেখ কৰি উপস্থিত সকলোকে আৱণ্টিত পুঁজিৰ সদব্যৱহাৰ কৰিবলৈ আহ্বান জনায়।

মৰিগাঁও জিলাতো দলটোৱে এখন পর্যালোচনা বৈঠকত মিলিত হয়। এই বৈঠকত জিলাখনৰ সকলো পঞ্চায়তৰ প্ৰতিনিধিসকল উপস্থিত থাকে। প্রতিনিধিসকলে নিজ নিজ এলেকাৰ বিভিন্ন সমস্যা আৰু প্ৰত্যাহ্বানসমূহৰ বিষয়ে আয়োগক অৱগত কৰে। আয়োগৰ প্ৰতিনিধিসকলে গ্রামোন্নয়ন, আন্তঃগাঁথনি, শিক্ষা, স্বাস্থ্য, খোৱাপানীৰ যোগান আৰু অন্যান্য জনকল্যাণমূলক বিষয় সন্দৰ্ভত মতামত আৰু উন্নয়নৰ বাবে পৰামৰ্শ আগবঢ়ায়। তদুপৰি সমস্যাসমূহ সমাধানৰ বাবে পুঁজিৰ সঠিক বিনিয়োগ আৰু পৰিকল্পিত ব্যৱহাৰত তেওঁলোকে গুৰুত্ব আৰোপ কৰে। পঞ্চায়ত প্রতিনিধিসকলৰ পৰা লাভ কৰা পৰামৰ্শসমূহ গ্ৰহণ কৰি পৰৱৰ্তী সময়ত ইয়াক প্ৰতিবেদনত অন্তৰ্ভুক্ত কৰা হ’ব বুলি তেওঁলোকে আশ্বাস দিয়ে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।