August 11, 2025 8:43 PM

views 13

নগাঁও জিলাৰ পঞ্চায়ত প্ৰতিনিধি, পৌৰ প্ৰশাসনৰ বিষয়ববীয়াৰে অসম ৰাজ্যিক বিত্তীয় আয়োগৰ বৈঠক

অসম ৰাজ্যিক বিত্তীয় আয়োগৰ অধ্যক্ষ ৰাণা প্রতাপ কলিতাৰ নেতৃত্বত এটা দলে আজি নগাঁও জিলাত জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত আৰু গাঁও পঞ্চায়তৰ সভাপতিৰ লগতে পৌৰ প্ৰশাসনৰ বিষয়ববীয়াৰ সৈতে বৈঠকত মিলিত হয়। এই বৈঠকত ৰাজ্য চৰকাৰৰ বিত্ত বিভাগৰ সচিব তথা সপ্তম অসম ৰাজ্যিক বিত্ত আয়োগৰ সদস্য হেমন্ত কুমাৰ দেউৰীয়ে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ আবণ্টিত পুঁজি সমূহৰ ব্যৱহাৰ সম্পৰ্কে বিশেষভাৱে অৱগত কৰে। সভাত অধ্যক্ষগৰাকীয়ে অসম ৰাজ্যিক বিত্ত আয়োগৰ নীতি-নিৰ্দেশনাৰ বিষয়ে উল্লেখ কৰি উপস্থিত সকলোকে আৱণ্টিত পুঁজিৰ সদব্য...