ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

August 14, 2025 6:49 PM | naat mohotsav

printer

কাইলৈৰ পৰা ২১ আগষ্টলৈ পৰাক্ৰমী পূৰ্বোত্তৰ নাট মেলাৰ আয়োজন

গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী মাধৱদেৱ আন্তর্জাতিক প্ৰেক্ষাগৃহত কাইলৈৰ পৰা ২১ আগষ্টলৈ পৰাক্ৰমী পূৰ্বোত্তৰ নাট মেলাৰ আয়োজন কৰা হৈছে। স্বাধীনতা সংগ্ৰামৰ উত্তৰ-পূৰ্বাঞ্চলৰ সংগ্ৰামীসকলৰ প্ৰতি শ্ৰদ্ধাৰ্য্য জনোৱাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত এই নাটমেলাৰ আয়োজন কৰা হৈছে। প্ৰতিদিনে বিয়লি ৫ আৰু সন্ধিয়া চাৰে সাত বজাত নাটসমূহ প্ৰদৰ্শন কৰা হব। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মূল প্ৰৱেশদ্বাৰৰ পৰা ১৮ আগষ্ট পর্যন্ত নিতৌ দিনৰ ১১ বজাৰ পৰা বিয়লি ৪ বজালৈ প্ৰৱেশ পত্ৰ সংগ্ৰহ কৰিব পাৰিব। ১২ বছৰৰ অনুৰ্থ শিশুৰ প্ৰেক্ষাগৃহত প্ৰৱেশত বাধা থাকিব। এই নাটমেলাৰ অন্তৰ্গত প্ৰথম দিনা হিল্লোল কুমাৰ পাঠকৰ গোপীনাথ-যুগজয়ী স্বপ্নদ্ৰষ্টা নাট প্ৰদৰ্শন কৰা হব। ১৬ আগষ্টত গোভা ৰজা ছত্ৰচিং- অপ্ৰতিৰোধ্য দেওৰজা, ১৭ আগষ্টত মাংৰীমেম- সেউজী অগ্নিকন্যা, ১৮ আগষ্টত ব্ৰজনাথ- বিপ্লৱী অগ্নিবীৰ, ১৯ আগষ্টত জ্যোতিপ্রসাদ-সংগ্রামী জ্যোতিশিখা, ২০ আগষ্টত অম্বিকাগিৰী- অনিৰ্বাপিত একুৰা জুই আৰু ২১ আগষ্টত চন্দ্ৰপ্ৰভা- মুক্তিৰ এটি গান শীর্ষক নাট পৰিবেশন কৰা হব।