August 19, 2025 7:06 PM

views 11

পৰাক্ৰমী পূৰ্বোত্তৰ নাট মেলাত আজি জ্যোতিপ্রসাদ-সংগ্রামী জ্যোতিশিখা শীর্ষক নাটখন মঞ্চস্থ

 স্বাধীনতা সংগ্ৰামৰ উত্তৰ-পূৰ্বাঞ্চলৰ সংগ্ৰামীসকলৰ প্ৰতি শ্ৰদ্ধাৰ্য্য জনোৱাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰীমাধৱদেৱ আন্তর্জাতিক প্ৰেক্ষাগৃহত আয়োজিত পৰাক্ৰমী পূৰ্বোত্তৰ নাট মেলাত আজি জ্যোতিপ্রসাদ-সংগ্রামী জ্যোতিশিখা শীর্ষক নাটখন মঞ্চস্থ কৰা হ'ব। লখিমপুৰৰ ৰংগভূমি নাট্য গোষ্ঠীয়ে পৰিৱেশন কৰিবলগীয়া এই নাটখনৰ নাট্যকাৰ প্রশান্ত কটকী। কৃষ্ণ ভূঞাই পৰিচালনা কৰিবলগীয়া নাটখনৰ সন্ধিয়া ৫ বজা আৰু চাৰে ৭ বজাত দুটা দৰ্শনী মঞ্চস্থ হ'ব।...

August 14, 2025 6:49 PM

views 11

কাইলৈৰ পৰা ২১ আগষ্টলৈ পৰাক্ৰমী পূৰ্বোত্তৰ নাট মেলাৰ আয়োজন

গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী মাধৱদেৱ আন্তর্জাতিক প্ৰেক্ষাগৃহত কাইলৈৰ পৰা ২১ আগষ্টলৈ পৰাক্ৰমী পূৰ্বোত্তৰ নাট মেলাৰ আয়োজন কৰা হৈছে। স্বাধীনতা সংগ্ৰামৰ উত্তৰ-পূৰ্বাঞ্চলৰ সংগ্ৰামীসকলৰ প্ৰতি শ্ৰদ্ধাৰ্য্য জনোৱাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত এই নাটমেলাৰ আয়োজন কৰা হৈছে। প্ৰতিদিনে বিয়লি ৫ আৰু সন্ধিয়া চাৰে সাত বজাত নাটসমূহ প্ৰদৰ্শন কৰা হ'ব। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মূল প্ৰৱেশদ্বাৰৰ পৰা ১৮ আগষ্ট পর্যন্ত নিতৌ দিনৰ ১১ বজাৰ পৰা বিয়লি ৪ বজালৈ প্ৰৱেশ পত্ৰ...