ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ পাৰস্পৰিক বুজাবুজিৰে বদলিৰ তালিকা পোৰ্টেলযোগে আজি মুকলি কৰা হয়। স্বাগত সতীৰ্থ পোৰ্টেলৰ জৰিয়তে ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে এই সুবিধা লাভ কৰিছে। জনতা ভৱনৰ লোক সেৱা ভৱনত এটা বিশেষ অনুষ্ঠানত ভাগ লৈ মুখ্যমন্ত্ৰীয়ে পাৰস্পৰিক বুজাবুজিৰ তালিকা পোৰ্টেলযোগে মুকলি কৰে। পোৰ্টেলত উপলব্ধ নির্দেশ ডাউনলোড কৰি কৰ্মচাৰীয়ে নতুন কর্মস্থানত যোগ দিব পাৰিব। এই পোৰ্টেলযোগে ৯ হাজাৰ ৪ গৰাকী কৰ্মচাৰীৰ পাৰস্পৰিক বুজাবুজিৰে বদলি হ‘ব। পোৰ্টেলযোগে জনোৱা আবেদনৰ ৪ হাজাৰ ৫০০খন আবেদনত চৰকাৰে অনুমতি প্রদান কৰে। অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰীয়ে কয় যে চৰকাৰে প্ৰতিটো বিভাগতে স্বচ্ছতা আনিবলৈ সক্ষম হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে পোৰ্টেলযোগে এনে প্রচেষ্টা দেশৰ ভিতৰতে প্ৰথম বুলিও উল্লেখ কৰে।
Site Admin | June 7, 2025 8:02 PM | Mutual Transfer Portal Open
ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ পাৰস্পৰিক বুজাবুজিৰে বদলিৰ তালিকা পোৰ্টেলযোগে মুকলি
