মৰিগাঁও জিলাত কাইলৈৰ পৰা সাতদিনীয়াকৈ ই ভি এম আৰু ভিভিপেটৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষণ অনুষ্ঠিত হ’ব। মৰিগাঁও জিলা কার্যালয় চৌহদৰ পণ্যাগাৰত মৰিগাঁও জিলা নির্বাচনী বিষয়াৰ অধীনত এই প্রথম পৰ্যায়ৰ পৰীক্ষণ অনুষ্ঠিত হ’ব। ইলেকট্রনিকছ কৰ্প’ৰেচন অৱ ইণ্ডিয়া লিমিটেডৰ ১২ জন অভিযন্তাই এই সমগ্ৰ পৰীক্ষণ প্রক্রিয়া তদাৰক কৰিব। অতিৰিক্ত জিলা আয়ুক্ত অনুসূয়া শৰ্মাক প্ৰথম পৰ্যায়ৰ পৰীক্ষণৰ পৰ্যবেক্ষক হিচাপে নিযুক্তি দিয়া হৈছে। পৰীক্ষণ প্রক্রিয়াত স্বচ্ছতা নিশ্চিত কৰাৰ বাবে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক স্বীকৃতিপ্রাপ্ত ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ উপস্থিতিত প্রতিদিনে পুৱা ১ বজাৰ সন্ধিয়া ৭ বজালৈ পৰীক্ষণ প্রক্রিয়া অনুষ্ঠিত হ’ব।
Site Admin | December 18, 2025 6:42 PM | Marigaon
মৰিগাঁওত কাইলৈৰ পৰা সাতদিনীয়াকৈ ই ভি এম আৰু ভিভিপেটৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষণ