December 18, 2025 6:42 PM

views 17

মৰিগাঁওত কাইলৈৰ পৰা সাতদিনীয়াকৈ ই ভি এম আৰু ভিভিপেটৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষণ

মৰিগাঁও জিলাত কাইলৈৰ পৰা সাতদিনীয়াকৈ ই ভি এম আৰু ভিভিপেটৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষণ অনুষ্ঠিত হ'ব। মৰিগাঁও জিলা কার্যালয় চৌহদৰ পণ্যাগাৰত মৰিগাঁও জিলা নির্বাচনী বিষয়াৰ অধীনত এই প্রথম পৰ্যায়ৰ পৰীক্ষণ অনুষ্ঠিত হ'ব। ইলেকট্রনিকছ কৰ্প'ৰেচন অৱ ইণ্ডিয়া লিমিটেডৰ ১২ জন অভিযন্তাই এই সমগ্ৰ পৰীক্ষণ প্রক্রিয়া তদাৰক কৰিব। অতিৰিক্ত জিলা আয়ুক্ত অনুসূয়া শৰ্মাক প্ৰথম পৰ্যায়ৰ পৰীক্ষণৰ পৰ্যবেক্ষক হিচাপে নিযুক্তি দিয়া হৈছে। পৰীক্ষণ প্রক্রিয়াত স্বচ্ছতা নিশ্চিত কৰাৰ বাবে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক স্বীকৃতিপ্রাপ্ত ৰাজনৈতিক দলৰ প...

September 5, 2025 7:48 PM

views 39

মৰিগাঁও জিলা কৃষি বিভাগৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৃষক-বিজ্ঞানী মত-বিনিময় অনুষ্ঠানৰ আজি সামৰণি

কৃষি প্রযুক্তি ব্যৱস্থাপনা সংস্থাৰ উদ্যোগত আৰু মৰিগাঁও জিলা কৃষি বিভাগৰ সহযোগত জিলাখনত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৃষক-বিজ্ঞানী মত-বিনিময় অনুষ্ঠানৰ আজি সামৰণি পৰে। এই অনুষ্ঠানত কৃষি আৰু ইয়াৰ আনুষংগিক বিষয়সমূহত কৃষকসকলক সজাগ কৰাৰ লগতে তেওঁলোকক কাৰিকৰী প্ৰশিক্ষণ আগবঢ়োৱাৰ উপৰি বিভিন্ন আঁচনিৰ সুবিধাসমূহৰ বিষয়ে অৱগত কৰোৱা হয়। জিলা কৃষি বিষয়া তপন কুমাৰ ব্ৰহ্মই পৰিচালনা কৰা এই অনুষ্ঠানত আজি নাৰিকল খেতি, ইয়াৰ পেকেজ আদি সন্দৰ্ভত আলোচনা কৰা হয়। তদুপৰি কেচুসাৰ, কৃষিপাম, হাঁহ কুকুৰা পালন, বৈজ্ঞ...

February 20, 2025 9:08 PM

views 25

মৰিগাঁৱৰ কপিলী শিক্ষাখণ্ডৰ জালুগুটিৰ খণ্ড সমল কেন্দ্ৰত ১০৮ গৰাকী দিব্যাংগ শিশুৰ মাজত হুইলচেয়াৰৰ লগতে আন সঁজুলি বিতৰণ

মৰিগাঁও জিলাৰ কপিলী শিক্ষাখণ্ডৰ জালুগুটিত থকা খণ্ড সমল কেন্দ্ৰত আজি ১০৮ গৰাকী দিব্যাংগ শিশুৰ মাজত হুইলচেয়াৰৰ লগতে আন সঁজুলি বিতৰণ কৰা হয়। মৰিগাঁৱৰ অতিৰিক্ত শিক্ষা আয়ুক্ত অনুসূয়া শৰ্মাই এই বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত মৰিগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়া, মৰিগাঁও জিলা আঁচনি বিষয়া লক্ষ্মীনন্দন শ‍ইকীয়াকে ধৰি বহুকেইজন সমল ব্যক্তি উপস্থিত থাকে।

September 12, 2024 12:55 PM

views 32

মৰিগাঁও জিলা প্ৰশাসনৰ নতুন ৰূপত ৰাজহ আদালতৰ ব্যৱস্থা

মৰিগাঁও জিলা প্ৰশাসনে ভূমি আৰু ৰাজহ ব্যৱস্থাক অধিক গতিশীল কৰাৰ লক্ষ্যৰে জিলাখনৰ অন্তৱৰ্তী এলেকাসমূহত ভূমি প্ৰশাসনৰ প্ৰসাৰতাৰ উদ্দেশ্যে এক নতুন ৰূপত ৰাজহ আদালতৰ ব্যৱস্থা কৰিছে। জিলাখনৰ অধীনৰ ৰাজহ চক্ৰ বিষয়াসহ চক্ৰ বিষয়াৰ কৰ্মচাৰীসকলে নিয়মীয়াকৈ দূৰৱৰ্তী এলেকাসমূহত অস্থায়ী কার্যালয় সদৃশ ৰাজহ আদালত অনুষ্ঠিত কৰিব। জিলা প্রশাসনে অহা ১৫ ছেপ্তেম্বৰত মায়ং বজাৰস্থিত গাঁও পঞ্চায়তৰ কাৰ্যালয়ত অনুষ্ঠিত হ'বলগীয়া ৰাজহ আদালতত অংশগ্ৰহণ কৰিবলৈ ৰাইজক আহ্বান জনাইছে।

August 22, 2024 7:04 PM

views 56

দিনজোৰা কাৰ্যসূচীৰে মৰিগাঁওত উপস্থিত কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী সাৱিত্ৰী ঠাকুৰ

মহিলা আৰু শিশু উন্নয়ন বিভাগৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী সাৱিত্ৰী ঠাকুৰে আজি দিনজোৰা কাৰ্যসূচীৰে মৰিগাঁও জিলাত উপস্থিত হৈ জিলাখনত মহিলা আৰু শিশুসকলৰ কল্যাণৰ বাবে ৰূপায়ণ কৰা চৰকাৰী আঁচনিসমূহৰ অগ্ৰগতিৰ বুজ লয়। মন্ত্ৰীগৰাকীৰ সৈতে ৰাজ্য চৰকাৰৰ মহিলা শিশু উন্নয়ন আৰু বিত্ত বিভাগৰ মন্ত্ৰী অজন্তা নেওগ তথা অন্যান্য শীর্ষ বিষয়াসকল উপস্থিত থাকে। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্রধানমন্ত্ৰীৰ বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে সহযোগিতাৰে ধবজাবাহী...