সপ্তম অসম ৰাজ্যিক বিত্তীয় আয়োগৰ এটা দলে আজি মৰিগাঁও জিলাত এখন পর্যালোচনা বৈঠকত মিলিত হয়। এই বৈঠকত জিলাখনৰ সকলো পঞ্চায়তৰ প্ৰতিনিধিসকল উপস্থিত থাকে। প্রতিনিধিসকলে নিজ নিজ এলেকাৰ বিভিন্ন সমস্যা আৰু প্ৰত্যাহ্বানসমূহৰ বিষয়ে আয়োগক অৱগত কৰে। আয়োগৰ প্ৰতিনিধিসকলে গ্রামোন্নয়ন, আন্তঃগাঁথনি, শিক্ষা, স্বাস্থ্য, খোৱাপানীৰ যোগান আৰু অন্যান্য জনকল্যাণমূলক বিষয় সন্দৰ্ভত মতামত আৰু উন্নয়নৰ বাবে পৰামৰ্শ আগবঢ়ায়। তদুপৰি সমস্যাসমূহ সমাধানৰ বাবে পুঁজিৰ সঠিক বিনিয়োগ আৰু পৰিকল্পিত ব্যৱহাৰত তেওঁলোকে গুৰুত্ব আৰোপ কৰে। পঞ্চায়ত প্ৰতিনিধিসকলৰ পৰা লাভ কৰা পৰামৰ্শসমূহ গ্ৰহণ কৰি পৰৱৰ্তী সময়ত ইয়াক প্ৰতিবেদনত অন্তৰ্ভুক্ত কৰা হ’ব বুলি তেওঁলোকে আশ্বাস দিয়ে।
Site Admin | August 11, 2025 7:36 PM | morigaon meeting
মৰিগাঁৱত সপ্তম অসম ৰাজ্যিক বিত্তীয় আয়োগৰ পর্যালোচনা বৈঠক