ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

চীনৰ বিদেশ মন্ত্ৰী ৱাং য়িক সাক্ষাৎ বিদেশ মন্ত্রী ড০ এছ জয়শংকৰৰ

■ বিদেশ মন্ত্রী ড০ এছ জয়শংকৰে আজি আস্তানাত চীনৰ বিদেশ মন্ত্ৰী ৱাং য়িক সাক্ষাৎ কৰে। দুয়োগৰাকী নেতাই সীমান্ত অঞ্চলৰ বাকী থকা বিষয়সমূহৰ ক্ষেত্ৰত আগতীয়া সমাধান সম্পর্কে পর্যালোচনা কৰে। উভয় পক্ষই সামৰিক আৰু কূটনৈতিক দুয়োটা ক্ষেত্ৰতে প্ৰচেষ্টা দুগুণ বৃদ্ধি কৰি এই লক্ষ্যত উপনীত হোৱাৰ বাবে সমর্থন আগবঢ়ায়। ড০ জয়শংকৰে কয় যে, প্রকৃত নিয়ন্ত্ৰণ ৰেখা এল এ চিৰ প্ৰতি সন্মান ৰাখি সীমান্ত অঞ্চলৰ শান্তি আৰু সম্প্ৰীতি নিশ্চিত কৰাটো অতি প্রয়োজন।

তেওঁ কয় যে, ভাৰত-চীন দ্বিপাক্ষিক বান্ধোন, তিনিটা পাৰস্পৰিক নীতি অর্থাৎ পাৰস্পৰিক সন্মান, পাৰস্পৰিক আগ্ৰহ আৰু পাৰস্পৰিক সংবেদনশীলতাই নির্ধাৰিত কৰিব।