সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু বটদ্ৰৱাৰ বিধায়ক শিৱামণি বৰাক আক্ৰমণৰ সন্দৰ্ভত আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে আৰক্ষী সঞ্চালকপ্ৰধান হৰমিত সিঙক সাক্ষাৎ কৰি এখন স্মাৰক-পত্ৰ প্ৰদান কৰে। পত্ৰৰ জৰিয়তে দলৰ নেতৃবৃন্দই এই ঘটনাত জড়িতসকলক চিনাক্ত কৰি বিহিত ব্যৱস্থা ল’বলৈ দাবী জনায়। একেদৰে ৰাজ্যৰ আইন-শৃংখলা পৰিস্থিতি পর্যালোচনা কৰিবলৈ দলটোৱে দাবী উত্থাপন কৰে। উল্লেখযোগ্য যে পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযান চলি থকাৰ মাজতে কালি নগাঁও জিলাৰ ধিঙৰ ওপৰ ডুমডুমীয়াত সাংসদ প্রদ্যুৎ বৰদলৈ আৰু বিধায়িকা শিৱামণি বৰাৰ ওপৰত একাংশ দুর্বৃত্তই আক্রমণ সংঘটিত কৰে। দুয়োগৰাকী নেতাই ডুমডুমীয়াৰ শ্লুইচ গেটত বালিসত্ৰ জিলা পৰিষদৰ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ হৈ প্ৰচাৰ সভাত অংশ লৈ ধিং অভিমুখে আহি থকা অৱস্থাত এটা ১৫ জনীয়া দুৰ্বৃত্তৰ দলে তেওঁলোকক আক্ৰমণ কৰে। মুখত ক’লা কাপোৰ বান্ধি অহা দলটোৱে সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু কংগ্ৰেছৰ মুখপাত্র মহছেন খানৰ দুখন গাড়ী ভাঙি চূৰমাৰ কৰে। এই আক্ৰমণত সাংসদগৰাকীৰ লগতে মামাই পেণ্ড, কংগ্ৰেছৰ মুখপাত্র মহছেন খান, বিধায়ক শিৱামণি বৰাৰ লগতে কেইবাজনো দলীয় কর্মী আহত হয়। পাছত আটাইকেইগৰাকী শলগুৰি উপ-আৰক্ষী চকীত উপস্থিত হৈ বিষয়টো আৰক্ষীক অৱগত কৰে।
Site Admin | April 28, 2025 8:23 PM | memorendam apcc assam police
সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু বটদ্ৰৱাৰ বিধায়ক শিৱামণি বৰাক আক্ৰমণৰ সন্দৰ্ভত আৰক্ষী সঞ্চালকপ্ৰধানক স্মাৰক-পত্ৰ প্ৰদান অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ
