মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি জাগীৰোডত মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ অধীনত আত্মসহায়ক গোটৰ ৩৭ হাজাৰতকৈ অধিক মহিলাক ১০ হাজাৰ টকাৰ চেক বিতৰণ কৰে। এই উপলক্ষে মৰিগাঁৱৰ জাগীভকত গাঁৱত আয়োজিত অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী ড° শৰ্মাই কয়, যে মৰিগাঁও জিলাৰ জাগীৰোড সমষ্টিৰ ৩৮ হাজাৰ উদ্যমী মহিলাক আর্থিকভাৱে সবল কৰি তোলাৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা প্ৰচেষ্টা ৰাজ্যৰ ভিতৰতে একক আৰু অনন্য। তেওঁ কয়, যে মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ জৰিয়তে ৰাজ্যখনৰ মহিলাসকলৰ বাবে স্বাৱলম্বিতাৰ বাট প্রশস্ত কৰাৰ প্ৰয়াস কৰা হৈছে। বৰ্তমান সময়ত প্ৰতিখন আঁচনি প্ৰতিশ্ৰুতিৰ পৰা আৰম্ভ হৈ কাৰ্যত পৰিণত হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, যে বিশেষকৈ নাৰী সৱলীকৰণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ প্ৰতিশ্ৰুতি কেৱল নীতি নহয়, বৰং এই দিশত এটা সবল পদক্ষেপ। ড° শৰ্মাই অৰুণোদয় আৰু নিযুত মইনাৰ দৰে অভিলাষী আঁচনিসমূহৰ লগতে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানে ৰাজ্যখনৰ সৰ্বাংগীন উন্নয়নক নতুন গতি প্ৰদান কৰিব বুলি উল্লেখ কৰে ।
Site Admin | August 23, 2025 6:43 PM | members of SHGs under the Mukhyamantrir Mahila Udyamita Abhiyan at Jagiroad
জাগীৰোডত মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ অধীনত আত্মসহায়ক গোটৰ মহিলাক ১০ হাজাৰ টকাৰ চেক বিতৰণ মুখ্যমন্ত্ৰীৰ