কৈলাশ মানসৰোৱৰ তীৰ্থযাত্ৰীৰ চতুৰ্থটো দলক আৰু আগনবঢ়াৰ বাবে কৰ্তৃপক্ষৰ নিৰ্দেশ

উত্তৰাখণ্ডৰ পিথোৰাগড় জিলাৰ ধৰচুলা বেচ কেম্পত কৈলাশ মানসৰোৱৰ তীৰ্থযাত্ৰীৰ চতুৰ্থটো দলক আৰু আগনবঢ়াৰ বাবে কৰ্তৃপক্ষই নিৰ্দেশ দিছে। প্ৰতিকুল বতৰৰ বাবে অধিক উচ্চতাৰ এটা পথত গধুৰ শিল বাগৰি পৰাৰ পাছত কৰ্তৃপক্ষই এই নিৰ্দেশ জাৰি কৰিছে। তীৰ্থযাত্ৰীৰ এই দলত দেশৰ বিভিন্ন প্ৰান্তৰ ১৪ গৰাকী মহিলাকে ধৰি মুঠ ৪৮ গৰাকী তীৰ্থযাত্ৰী আছে।  তেওঁলোক কালি গুঞ্জী গৈ পোৱাৰ আশা আছিল আৰু দুটা ৰাতি জিৰণি লোৱাৰ পাছত লিপুলেহ পাৰ হৈ কৈলাশ মানসৰোৱৰ অভিমুখে আগবঢ়াৰ কথা আছিল। উল্লেখযোগ্য, যে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ উদ্যোগত জুন মাহৰ পৰা আৰম্ভ হোৱা কৈলাশ মানসৰোৱৰ যাত্ৰাৰ আগষ্ট মাহত অন্ত পৰিব। কেন্দ্ৰই লিপুলেখৰ মাজেৰে ৫০ জন তীৰ্থযাত্ৰীৰে গঠিত পাঁচটা দলক যাত্ৰা কৰাৰ অনুমতি প্ৰদান কৰিছে।  তদুপৰি ৫০ জন তীৰ্থযাত্ৰীৰে গঠিত আন দহটা দলক চৰকাৰে ছিকিমৰ পৰা নাথুলাৰ মাজেৰে মানসৰোৱৰলৈ যাবলৈ অনুমতি প্ৰদান কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।