August 7, 2025 12:10 PM

views 33

কৈলাশ মানসৰোৱৰ তীৰ্থযাত্ৰীৰ চতুৰ্থটো দলক আৰু আগনবঢ়াৰ বাবে কৰ্তৃপক্ষৰ নিৰ্দেশ

উত্তৰাখণ্ডৰ পিথোৰাগড় জিলাৰ ধৰচুলা বেচ কেম্পত কৈলাশ মানসৰোৱৰ তীৰ্থযাত্ৰীৰ চতুৰ্থটো দলক আৰু আগনবঢ়াৰ বাবে কৰ্তৃপক্ষই নিৰ্দেশ দিছে। প্ৰতিকুল বতৰৰ বাবে অধিক উচ্চতাৰ এটা পথত গধুৰ শিল বাগৰি পৰাৰ পাছত কৰ্তৃপক্ষই এই নিৰ্দেশ জাৰি কৰিছে। তীৰ্থযাত্ৰীৰ এই দলত দেশৰ বিভিন্ন প্ৰান্তৰ ১৪ গৰাকী মহিলাকে ধৰি মুঠ ৪৮ গৰাকী তীৰ্থযাত্ৰী আছে।  তেওঁলোক কালি গুঞ্জী গৈ পোৱাৰ আশা আছিল আৰু দুটা ৰাতি জিৰণি লোৱাৰ পাছত লিপুলেহ পাৰ হৈ কৈলাশ মানসৰোৱৰ অভিমুখে আগবঢ়াৰ কথা আছিল। উল্লেখযোগ্য, যে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ উদ্যোগত জুন...

July 6, 2025 7:51 PM

views 32

কৈলাশ পৰ্বত আৰু মানস সৰোবৰ তীর্থযাত্রা সম্পূৰ্ণ কৰি দ্বিতীয়টো দল গেংটকত উপস্থিত

কৈলাশ পৰ্বত আৰু মানস সৰোবৰৰ পবিত্র তীর্থযাত্রা সম্পূৰ্ণ কৰি দ্বিতীয়টো দল আজি গেংটকত উপস্থিত হৈছে। ৪৭ গৰাকী যাত্ৰীৰে গঠিত এই দলটোৱে ২৫ জুনত নাথুলা সীমান্ত পাৰ হৈ কৈলাশ মানস সৰোবৰ তীর্থযাত্ৰা আৰম্ভ কৰিছিল। যাত্ৰা সম্পূৰ্ণ কৰাৰ অন্তত তীর্থযাত্রীসকলে ছিকিম চৰকাৰে যাত্ৰাকালত আগবঢ়োৱা সু-ব্যৱস্থা আৰু আতিথ্যৰ বাবে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা প্ৰকাশ কৰে। উল্লেখযোগ্য যে ২০ জুনত নাথুলাৰ পৰা ৩৬ গৰাকী তীর্থযাত্ৰীৰ সৈতে এই ঐতিহাসিক কৈলাশ মানস সৰোবৰ যাত্ৰা আৰম্ভ হৈছিল।

June 19, 2025 8:40 PM

views 20

কৈলাশ মানসৰোবৰ যাত্ৰা সুচাৰুৰূপে পৰিচালনাৰ বাবে সকলো প্রস্তুতি সম্পূর্ণ

ছিকিমত কাইলৈৰ পৰা আৰম্ভ হ'বলগীয়া কৈলাশ মানসৰোবৰ যাত্ৰা সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে সকলো প্রস্তুতি সম্পূর্ণ কৰা হৈছে৷ কাইলৈ পুৱা নাথুলা পাচত ৰাজ্যপাল ওম প্রকাশ মাথুৰে এই যাত্ৰাৰ শুভাৰম্ভ কৰিব । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ দুজন বিষয়াৰ সৈতে ৩৬ জন তীর্থযাত্ৰীৰে গঠিত প্ৰথমটো দলে কাইলৈ যাত্ৰা আৰম্ভ কৰিব। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি প্ৰতিটো যাত্রা সম্পূর্ণ কৰিবলৈ ১০ৰ পৰা ১১ দিন সময় লাগিব। ছিকিমৰ নাথুলাৰ পৰা এইবাৰ মুঠতে ১০টা দলে পৃথকে পৃথকে কৈলাশ মানসৰোবৰ অভিমুখে যাত্ৰা কৰিব। পাঁচ বছৰৰ বিৰতিৰ অন্...