ডাউনলোড
মোবাইল এপ

android apple
signal

May 21, 2025 12:56 PM | Mankachar

printer

দক্ষিণ শালমাৰাত ৰাহুল কুমাৰ গুপ্তাৰ সীমান্তৰ খহনীয়া আৰু সীমান্ত-সংযোগী পথ পৰিদৰ্শন

দক্ষিণ শালমাৰা মানকাচৰৰ হাটশিঙিমাৰীত জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তাই আজি মানকাচৰ – বাংলাদেশ সীমান্তত উপস্থিত হৈ সীমান্তৱৰ্তী এলেকাৰ ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া পৰিস্থিতিৰ বুজ লয়। আয়ুক্তগৰাকীয়ে জলসম্পদ বিভাগৰ বিষয়াৰ সৈতে কোকৰাদাঙা, কালাইৰ আলগা আৰু শিশুমাৰাত খহনীয়াপ্ৰৱণ এলেকা পৰিদৰ্শন কৰে। একেদৰে জিলাৰ সদৰৰ পৰা সীমান্তলৈ যোৱা সীমান্ত সংযোগী পথো আয়ুক্তগৰাকীয়ে পৰিদৰ্শন কৰে। অত্যধিক বৰষুণৰ ফলত সীমান্ত সংযোগী পথৰ ঠায়ে ঠায়ে ভাঙি যোৱা অংশসমূহ আয়ুক্তগৰাকীয়ে পৰ্যবেক্ষণ কৰি ভাঙি যোৱা স্থানসমূহ বাৰিষাৰ পূৰ্বে পুনৰ নিৰ্মাণ কৰিবলৈ লোকনিৰ্মাণ বিভাগক নির্দেশনা প্রদান কৰিছে। সীমান্তৰ খহনীয়া আৰু সীমান্ত-সংযোগী পথ পৰিদৰ্শনৰ পাছত জিলা আয়ুক্তগৰাকীয়ে নেওৱাজেছপুৰ গাঁৱত উপস্থিত হৈ অঞ্চলটোৰ খহনীয়াপ্ৰৱণ স্থানসমূহ পৰিদৰ্শন কৰে। এই অঞ্চলতো আজিৰ পৰাই খহনীয়া প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগক জিঅ’বেগৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশনা দিয়া হৈছে।

অধিক পঢ়ক

সকলো চাওক