July 5, 2025 8:21 PM

views 36

দক্ষিণ শালমাৰাত বিভিন্ন দোকানত নিয়োজিত ৮টি শিশুক উদ্ধাৰ

দক্ষিণ শালমাৰা মানকাচৰ জিলা প্ৰশাসনে আজি মানকাচৰ, কাকৰিপাৰা এলেকাত অভিযান চলাই বিভিন্ন দোকানত নিয়োজিত ৮টি শিশুক উদ্ধাৰ কৰে। জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তাৰ নিৰ্দেশ মৰ্মে জিলা সহকাৰী আয়ুক্ত নন্দিতা চহৰীয়াৰ নেতৃত্বত আৰক্ষী আৰু সমাজ কল্যাণ বিভাগে শিশু শ্রমিককেইটিক উদ্ধাৰ কৰি হাটশিঙিমাৰী শিশুগৃহত গতাই দিয়ে। শিশু শ্রমিক কেইটি নিয়োজিত দোকানৰ স্বত্বাধিকাৰীসকলক ২০ হাজাৰ টকাকৈ জৰিমনা বিহা হৈছে। জৰিমনাৰ জৰিয়তে লাভ কৰা ধনখিনি উদ্ধাৰ হোৱা শিশুৰ নামত বেংকত জমা কৰা হ'ব।

May 21, 2025 12:56 PM

views 29

দক্ষিণ শালমাৰাত ৰাহুল কুমাৰ গুপ্তাৰ সীমান্তৰ খহনীয়া আৰু সীমান্ত-সংযোগী পথ পৰিদৰ্শন

দক্ষিণ শালমাৰা মানকাচৰৰ হাটশিঙিমাৰীত জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তাই আজি মানকাচৰ – বাংলাদেশ সীমান্তত উপস্থিত হৈ সীমান্তৱৰ্তী এলেকাৰ ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া পৰিস্থিতিৰ বুজ লয়। আয়ুক্তগৰাকীয়ে জলসম্পদ বিভাগৰ বিষয়াৰ সৈতে কোকৰাদাঙা, কালাইৰ আলগা আৰু শিশুমাৰাত খহনীয়াপ্ৰৱণ এলেকা পৰিদৰ্শন কৰে। একেদৰে জিলাৰ সদৰৰ পৰা সীমান্তলৈ যোৱা সীমান্ত সংযোগী পথো আয়ুক্তগৰাকীয়ে পৰিদৰ্শন কৰে। অত্যধিক বৰষুণৰ ফলত সীমান্ত সংযোগী পথৰ ঠায়ে ঠায়ে ভাঙি যোৱা অংশসমূহ আয়ুক্তগৰাকীয়ে পৰ্যবেক্ষণ কৰি ভাঙি যোৱা স্থানসমূহ বাৰি...

May 12, 2025 6:29 PM

views 36

দক্ষিণ শালমাৰা মানকাচৰ জিলাত ৩৫ খন আঞ্চলিক পঞ্চায়তৰ ভিতৰত ১৬ খনত কংগ্ৰেছৰ জয়লাভ

দক্ষিণ শালমাৰা মানকাচৰ জিলাত কালাপানী আৰু কাকৰীপাৰা জিলা পৰিষদত কংগ্ৰেছে জয়লাভ কৰিছে। ৩৫ খন আঞ্চলিক পঞ্চায়তৰ ভিতৰত ১৬ খনত কংগ্ৰেছে জয়লাভ কৰাটো সুনিশ্চিত হৈছে। অপেক্ষাকৃতভাৱে জিলাখনত বিজেপি মিত্ৰজোঁটৰ প্ৰদৰ্শন দুৰ্বল। অগপৰ দখলত ৫ খন আসন থকাৰ বিপৰীতে বিজেপিয়ে কেৱল এখন আসনহে দখল কৰিবলৈ সমৰ্থ হৈছে।

April 23, 2025 7:54 PM

views 33

বাংলাদেশ সীমান্তৱৰ্ত্তী কুকুৰমাৰা চৰত ৪ হাজাৰৰো অধিক য়াবা টেবলেট জব্দ

মানকাচৰ আৰক্ষীয়ে আজি বাংলাদেশ সীমান্তৱৰ্ত্তী কুকুৰমাৰা চৰত অভিযান চলাই ৪ হাজাৰৰো অধিক য়াবা টেবলেট জব্দ কৰে। মানকাচৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দিপক বৰগোৱাৰীৰ নেতৃত্বত আৰক্ষীৰ এটা দলে বিয়লি প্রায় ৫ বজাত কুকুৰমাৰাৰ নুৰ কালাম নামৰ এজন লোকৰ ঘৰত অভিযান চলাই এই টেবলেটখিনি জব্দ কৰে। জব্দ কৰা নিচাজাতীয় টেবলেটখিনিৰ মূল্য ১০ লাখৰো অধিক টকা হ'ব বুলি অনুমান কৰা হৈছে।

March 17, 2025 6:25 PM

views 38

দক্ষিণ শালমাৰাৰ হাটশিঙিমাৰীত ফলিক এচিদৰ প্ৰয়োজনীয়তা সম্পর্কে সজাগতা সভাৰ আয়োজন

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰীত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ত আজি ফলিক এচিদৰ প্ৰয়োজনীয়তা সম্পর্কে এখন সজাগতা সভাৰ আয়োজন কৰা হয়। উল্লেখযোগ্য যে জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ মিনহাজ চৌধুৰীৰ লগতে বিভিন্ন স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক, নার্চ আৰু আশাকৰ্মীৰ উপস্থিতি এই সজাগতা কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। মহিলাসকলে গৰ্ভধাৰণৰ তিনি মাহ আগত আৰু গৰ্ভৱতী হোৱাৰ প্রথম তিনি মাহলৈ ফলিক এচিদ সেৱন কৰাটো অতিকৈ জৰুৰী বুলি অনুষ্ঠানটোত জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকগৰাকীয়ে জানি...