মানকাচৰৰ জোৰদাংগা দ্বিতীয় খণ্ডত মানকাচৰ আৰক্ষীৰ নেতৃত্বত চলোৱা এটা অভিযানত বুজন পৰিমাণৰ নিচাযুক্ত সামগ্ৰীৰ সৈতে ৩ জন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হয়। অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰতাপ দাসৰ নেতৃত্বত মানকাচৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীপক বৰগয়াৰী আৰু উপ-পৰিদৰ্শক নয়নজ্যোতি গগৈৰ সহযোগত গোপন সূত্ৰৰ পম খেদি এই অভিযান চলোৱা হয়। ইফালে জিলাখনৰ পুবেৰ গাঁৱত অতিৰিক্ত আৰক্ষী অধীক্ষকজনৰ উদ্যোগত আৰু উপ-পৰিদৰ্শক চনুদেৱ বৰ্মনৰ নেতৃত্বত চলোৱা অন্য এটা অভিযানত বুজন পৰিমাণৰ মাদক দ্ৰব্য আৰু ৩ টা ফোনসহ তিনিজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হয় ৷ একেদৰে দক্ষিণ শালমাৰাৰ ধেনাৰকুটিত দক্ষিণ শালমাৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জে এছ খুবঙৰ নেতৃত্বত চলোৱা অন্য এটা অভিযানত মাদক দ্রব্যসহ অন্য দুজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হয়।
Site Admin | February 8, 2025 8:48 PM | mankachar drugs seized 3 arrest
মানকাচৰত বুজন পৰিমাণৰ নিচাযুক্ত সামগ্ৰীসহ ৩জন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ