ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

July 5, 2025 8:21 PM | Mankachar

printer

দক্ষিণ শালমাৰাত বিভিন্ন দোকানত নিয়োজিত ৮টি শিশুক উদ্ধাৰ

দক্ষিণ শালমাৰা মানকাচৰ জিলা প্ৰশাসনে আজি মানকাচৰ, কাকৰিপাৰা এলেকাত অভিযান চলাই বিভিন্ন দোকানত নিয়োজিত ৮টি শিশুক উদ্ধাৰ কৰে। জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তাৰ নিৰ্দেশ মৰ্মে জিলা সহকাৰী আয়ুক্ত নন্দিতা চহৰীয়াৰ নেতৃত্বত আৰক্ষী আৰু সমাজ কল্যাণ বিভাগে শিশু শ্রমিককেইটিক উদ্ধাৰ কৰি হাটশিঙিমাৰী শিশুগৃহত গতাই দিয়ে। শিশু শ্রমিক কেইটি নিয়োজিত দোকানৰ স্বত্বাধিকাৰীসকলক ২০ হাজাৰ টকাকৈ জৰিমনা বিহা হৈছে। জৰিমনাৰ জৰিয়তে লাভ কৰা ধনখিনি উদ্ধাৰ হোৱা শিশুৰ নামত বেংকত জমা কৰা হ’ব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।