ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

চলিত মাহৰ ১৮ তাৰিখৰ পৰা যুৱ আধ্যাত্মিকতা সন্মিলনৰ আয়োজন

কেন্দ্ৰীয় যুৱ পৰিক্ৰমা মন্ত্ৰালয়ে চলিত মাহৰ ১৮ তাৰিখৰ পৰা ৩ দিনীয়া কাৰ্যসূচীৰে যুৱ আধ্যাত্মিকতা সন্মিলনৰ আয়োজন কৰিছে। বিকশিত ভাৰতৰ বাবে নিচামুক্ত যুৱ প্ৰজন্মৰ লক্ষ্যৰে বাৰাণসীত এই সন্মিলনৰ আয়োজন কৰা হৈছে। নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত কেন্দ্রীয় যুৱ পৰিক্ৰমা মন্ত্ৰী ড° মনসুখ মন্দাভিয়াই কয়, যে সমগ্ৰ দেশৰে এশটা আধ্যাত্মিক কেন্দ্ৰৰ পৰা প্ৰায় ৫ হাজাৰ যুৱ প্রতিনিধিয়ে এই আধ্যাত্মিক সন্মিলনত অংশগ্ৰহণ কৰিব। তেওঁ কয়, যে এই সন্মিলনে যুৱ প্ৰজন্মৰ নেতৃত্বত নিচামুক্ত ভাৰতৰ পথ দেখুৱাব। মন্ত্ৰীগৰাকীয়ে লগতে কয়, যে এই সন্মিলনৰ শেষত নিচাযুক্ত দ্ৰব্য সেৱনৰ অভ্যাসৰ পৰা বিৰত থাকিবলৈ খাছি ঘোষণাপত্ৰত স্বাক্ষৰ কৰা হ’ব। অহা ২০ জুলাইত এই সন্মিলনৰ সামৰণি পৰিব ।

মন্ত্রী ড° মন্দাভিয়াই লগতে কয়, যে অহা ২৬ জুলাইত কাৰ্গিল বিজয় দিৱস উপলক্ষে কাৰ্গিল যুদ্ধৰ ছহিদসকলক সন্মান জনোৱাৰ অৰ্থে কাৰ্গিলত এটা বিশেষ পদযাত্ৰাৰ আয়োজন কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।