মানস ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰৱেশদ্বাৰ পৰ্যটকৰ বাবে বন্ধ ঘোষণা

মানস ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰৱেশদ্বাৰ কালিৰে পৰা দেশী-বিদেশী পৰ্যটকৰ বাবে বন্ধ কৰা হয়। অৱেশ্য অহা ২০ জুনলৈ ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁহবাৰীৰ পৰা মথনগুৰিলৈ যোৱা পথছোৱা আৰু মথনগুৰিৰ হেৰিটেজ চেণ্টাৰৰ লগতে নৈসর্গিক দৃশ্য উপভোগ কৰিব পাৰিব। প্ৰতিকূল বতৰৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখন প্ৰতিবছৰে ৩ মাহৰ বাবে বন্ধ ৰখা হয়।