July 7, 2025 7:57 PM

views 44

মানস ৰাষ্ট্ৰীয় উদ্যান বছৰৰ প্ৰতিটো দিনেই পৰ্যটকৰ বাবে মুকলি কৰি ৰখাৰ পৰিকল্পনা

মানস ৰাষ্ট্ৰীয় উদ্যান বছৰৰ প্ৰতিটো দিনেই পৰ্যটকৰ বাবে মুকলি কৰি ৰখাৰ পৰিকল্পনা কৰা হৈছে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বি টি আৰৰ পৰ্যটন বিভাগে আলোচনা কৰিছে। আজি উদ্যানৰ দাঁতিকাষৰীয়া গোলাগাঁও গ্রীণ ভিলেজত আদৰণি তোৰণৰ আধাৰশিলা স্থাপন কৰি বি টি আৰৰ পৰ্যটন বিভাগৰ কাৰ্যবাহী সদস্য ধৰ্মনাৰায়ণ দাসে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে বি টি আৰত শান্তিৰ পৰিবেশৰ সূচনা হোৱাৰ ফলত উদ্যানখনলৈ পৰ্যটকৰ আগমনো বৃদ্ধি পাইছে। উল্লেখযোগ্য যে বাক্সা জিলাৰ গোলাগাঁৱক গ্রীণ ভিলেজ হিচাপে গঢ়ি তোলাৰ বা...

June 9, 2025 12:17 PM

views 38

মানস ৰাষ্ট্ৰীয় উদ্যানত হাতী ছাফাৰী-ৰিভাৰ ৰাফটিং বন্ধ

বাৰিষাৰ পৰিপ্ৰেক্ষিতত মানস ৰাষ্ট্ৰীয় উদ্যানত হাতী ছাফাৰী আৰু ৰিভাৰ ৰাফ্টিং পৰ্যটকৰ বাবে বন্ধ কৰা হৈছে। ৰাষ্ট্ৰীয় উদ্যানখনৰ ক্ষেত্ৰ সঞ্চালক ড০ চি ৰমেশে এখন জাননীযোগে এই কথা সদৰী কৰিছে। লগতে ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁহবাৰী সংমণ্ডলৰ বন সংমণ্ডল বিষয়া বাৰীন বড়োৱে ২০ জুনলৈকেহে উদ্যানখনত জীপ ছাফাৰী চলিব বুলি উল্লেখ কৰে। অক্টোবৰত পুনৰ পৰ্যটকৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখন মুকলি কৰাৰ সম্ভাৱনা আছে বুলিও তেওঁ উল্লেখ কৰে।

June 20, 2024 7:42 PM

views 28

আজিৰেপৰা মানস ৰাষ্ট্ৰীয় উদ্যানৰ জীপ চাফাৰী বন্ধ

মানস ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই পৰ্যটকৰ বাবে আজিৰেপৰা ৰাষ্ট্ৰীয় উদ্যানখনত জীপ চাফাৰী বন্ধ কৰিছে। প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই এই সিদ্ধান্ত গ্ৰহণ কৰে। পূৰ্বে ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁহবাৰী সংমণ্ডলৰ মুখ্য প্ৰৱেশদ্বাৰৰ পৰা মথনগুৰিলৈ পৰ্যটকৰ বাবে জীপ চাফাৰীৰ সময়সীমা ২০ জুনলৈ খোলা ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। কিন্তু শেহতীয়া বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আজিৰেপৰা ৰাষ্ট্ৰীয় উদ্যানখনত জীপ চাফাৰী বন্ধ কৰা হয়। উল্লেখযোগ্য যে ২০২৩-২৪ পৰ্যটন বৰ্ষত মানস ৰাষ্ট্ৰীয় উ...

June 6, 2024 11:28 AM

views 19

মানস ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰৱেশদ্বাৰ পৰ্যটকৰ বাবে বন্ধ ঘোষণা

মানস ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰৱেশদ্বাৰ কালিৰে পৰা দেশী-বিদেশী পৰ্যটকৰ বাবে বন্ধ কৰা হয়। অৱেশ্য অহা ২০ জুনলৈ ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁহবাৰীৰ পৰা মথনগুৰিলৈ যোৱা পথছোৱা আৰু মথনগুৰিৰ হেৰিটেজ চেণ্টাৰৰ লগতে নৈসর্গিক দৃশ্য উপভোগ কৰিব পাৰিব। প্ৰতিকূল বতৰৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখন প্ৰতিবছৰে ৩ মাহৰ বাবে বন্ধ ৰখা হয়।