ডাউনলোড
মোবাইল এপ

android apple
signal

মানস ৰাষ্ট্ৰীয় উদ্যান বছৰৰ প্ৰতিটো দিনেই পৰ্যটকৰ বাবে মুকলি কৰি ৰখাৰ পৰিকল্পনা

মানস ৰাষ্ট্ৰীয় উদ্যান বছৰৰ প্ৰতিটো দিনেই পৰ্যটকৰ বাবে মুকলি কৰি ৰখাৰ পৰিকল্পনা কৰা হৈছে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বি টি আৰৰ পৰ্যটন বিভাগে আলোচনা কৰিছে। আজি উদ্যানৰ দাঁতিকাষৰীয়া গোলাগাঁও গ্রীণ ভিলেজত আদৰণি তোৰণৰ আধাৰশিলা স্থাপন কৰি বি টি আৰৰ পৰ্যটন বিভাগৰ কাৰ্যবাহী সদস্য ধৰ্মনাৰায়ণ দাসে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে বি টি আৰত শান্তিৰ পৰিবেশৰ সূচনা হোৱাৰ ফলত উদ্যানখনলৈ পৰ্যটকৰ আগমনো বৃদ্ধি পাইছে। উল্লেখযোগ্য যে বাক্সা জিলাৰ গোলাগাঁৱক গ্রীণ ভিলেজ হিচাপে গঢ়ি তোলাৰ বাবে ৪০ লাখ টকা আবণ্টন দিয়া হৈছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।