চিৰাং জিলাৰ বিভিন্ন প্ৰান্তত মেলেৰীয়া ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটিছে। জিলাখনৰ স্বাস্থ্য বিভাগৰ বিষয়াই প্রকাশ কৰা অনুসৰি জিলাখনৰ উত্তৰ অঞ্চলৰ ভাৰত- ভূটান সীমান্তৰ এলেকাৰ লগতে বনগাঁৱতো মেলেৰীয়া ৰোগীৰ সংখ্যাও বৃদ্ধি পাইছে। জিলাখনৰ নিৰীক্ষণকাৰী বিষয়া প্ৰকাশ কৰা অনুসৰি সম্প্ৰতি জিলাখনৰ ২৯১ গৰাকী লোক এই ৰোগত আক্ৰান্ত হৈছে। ইয়াৰে ২৪৯ গৰাকীৰ দেহত পি ভি ধৰাৰ পৰাৰ লগতে ৪২ গৰাকী ৰোগীৰ দেহত পি এফ ৰোগী বুলি চিনাক্ত কৰা হৈছে। জিলাখনৰ শান্তিপুৰ, ৰুণীখাটা, দাদগিৰি, আমটেকা প্ৰাথমিক চিকিৎসা কেন্দ্ৰৰ অধীনৰ এই ৰোগ অধিক হোৱা বাবে চিকিৎসা বিভাগে যাৱতীয় ব্যৱস্থা কৰিছে। বঙাইগাঁও শোধনাগাৰৰ পৰা প্ৰদান কৰা ২৮ হাজাৰ ঔষধযুক্ত আঁঠুৱা মেলেৰীয়া আক্ৰান্ত অঞ্চলসমূহত প্ৰদান কৰা হৈছে। স্বাস্থ্য বিভাগে স্থানীয় আশাকর্মীৰ জৰিয়তে ঔষদ সেৱনৰো ব্যৱস্থা গ্ৰহণ কৰিছে। অৱশ্যে বৰ্তমানলৈকে জিলাখনত মেলেৰীয়া আক্রান্ত কোনো ৰোগীৰ মৃত্যু হোৱা নাই বুলি জিলাখনৰ স্বাস্থ্য বিভাগে সদৰি কৰিছে।
Site Admin | June 16, 2025 1:40 PM | malariya
চিৰাং জিলাৰ বিভিন্ন প্ৰান্তত মেলেৰীয়া ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি
