June 16, 2025 1:40 PM

views 13

চিৰাং জিলাৰ বিভিন্ন প্ৰান্তত মেলেৰীয়া ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি

চিৰাং জিলাৰ বিভিন্ন প্ৰান্তত মেলেৰীয়া ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটিছে। জিলাখনৰ স্বাস্থ্য বিভাগৰ বিষয়াই প্রকাশ কৰা অনুসৰি জিলাখনৰ উত্তৰ অঞ্চলৰ ভাৰত- ভূটান সীমান্তৰ এলেকাৰ লগতে বনগাঁৱতো মেলেৰীয়া ৰোগীৰ সংখ্যাও বৃদ্ধি পাইছে। জিলাখনৰ নিৰীক্ষণকাৰী বিষয়া প্ৰকাশ কৰা অনুসৰি সম্প্ৰতি জিলাখনৰ ২৯১ গৰাকী লোক এই ৰোগত আক্ৰান্ত হৈছে। ইয়াৰে ২৪৯ গৰাকীৰ দেহত পি ভি ধৰাৰ পৰাৰ লগতে ৪২ গৰাকী ৰোগীৰ দেহত পি এফ ৰোগী বুলি চিনাক্ত কৰা হৈছে। জিলাখনৰ শান্তিপুৰ, ৰুণীখাটা, দাদগিৰি, আমটেকা প্ৰাথমিক চিকিৎসা কেন্দ্ৰৰ অধীনৰ এই ৰোগ অধি...