January 16, 2026 12:52 PM | Majuli

printer

অহা ১৮ ৰ পৰা ২৮ জানুৱাৰীলৈ মাজুলীৰ আউনীআটি সত্ৰৰ মণিকাঞ্চন ক্ষেত্ৰত অসম ভাওনা সমাৰোহ

অহা ১৮ ৰ পৰা ২৮ জানুৱাৰীলৈ মাজুলীৰ আউনীআটি সত্ৰৰ মণিকাঞ্চন ক্ষেত্ৰত অসম ভাওনা সমাৰোহ অনুষ্ঠিত হ’ব। দহদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া এই ভাওনা সমাৰোহৰ প্ৰস্তুতি প্রায় সম্পূৰ্ণ হৈ উঠিছে। এই ভাওনা সমাৰোহত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ২০ খন নির্বাচিত প্রতিযোগিতামূলক আৰু তিনিখন প্রদর্শনীমূলক ভাওনা প্রদর্শন কৰা হ’ব। ২০০৬ চনৰ পৰা অনুষ্ঠিত হোৱা এই দ্বিবার্ষিক ভাওনা সমাৰোহত এইবাৰ প্ৰথমদিনা ৫০০ সূত্ৰধাৰৰ নৃত্য প্ৰদৰ্শন কৰা হ’ব। সমাৰোহত দিনৰ ভাগত শিশু-মহিলাসকলৰ মাজত বিভিন্ন প্রতিযোগিতা অনুষ্ঠিত হ’ব।